নিয়মীয়া বাৰ্তা ৩০ জুনঃ মহানগৰীৰ দীঘলীপুখুৰীত মঙলবাৰেও বহু মাছ মৰা পৰিলক্ষিত হয়৷ পুখুৰীৰ পানীত হঠাৎ শ শ মাছ মৰি ওপঙি উঠাৰ পাছত যোৱা দেওবাৰৰ পৰা বিভাগীয় মন্ত্রীৰ নির্দেশত মীন বিভাগে মাছৰ মৃত্যু ৰোধ কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে যদিও সুফল পোৱা নাই৷ অৱশ্যে যোৱা তিনিদিনৰ তুলনাত মঙলবাৰে মাছৰ মৃত্যুৰ পৰিমাণ সামান্য হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীত হঠাৎ শনিবাৰে বিয়লিৰ পৰা অস্বাভাৱিক হাৰত মাছৰ মৃত্যু হোৱাত মীন বিভাগে ইয়াৰ কাৰণ উদ্ঘাটনৰ বাবে পানীৰ নমুনা সংগ্রহ কৰি বিভিন্ন পৰীক্ষা নিৰীক্ষা চলোৱাৰ পাছত পুখুৰীৰ পানীত জৈৱিক পদার্থৰ মাত্রা বৃদ্ধি পোৱাৰ লগতে পানীত অক্সিজেনৰ পৰিমাণ হ্রাস পোৱাৰ বাবেই শ শ মাছৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়৷
পৰৱর্তী সময়ত পুখুৰীৰ পানীত অক্সিজেনৰ পৰিমাণ বৃদ্ধিৰ বাবে মীন বিভাগে প্রচেষ্টা চলায়৷ কিন্তু মীন বিভাগৰ নিৰৱচ্ছিন্ন চেষ্টাৰ পাছতো মাছৰ মৃত্যু ৰোধ কৰিব পৰা নাই৷ ইপিনে দীঘলীপুখুৰীত অক্সিজেনৰ পৰিমাণ হ্রাস পোৱা বুলি মীন বিভাগে সদৰী কৰাৰ পাছতেই প্রকৃতিপ্রেমীৰ মাছত এই লৈ বিভিন্ন প্রশ্ণ উত্থাপন হৈছে৷ একে সময়তে দীঘলীপুখুৰীৰ পানীত মহানগৰীৰ নলাৰ প্রদূষিত পানী সোমোৱাৰ বাবেই পুখুৰীৰ পানী প্রদূষিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ একাংশ স্থানী লোকে অভিযোগ কৰা অনুসৰি দীঘলীপুখুৰীৰ চৌপাশে থকা নলাৰ পানী পুখুৰীত পৰে৷ নলাৰ পৰা বোকা আৰু লেতেৰা পানী পুখুৰীত পৰা বাবে দীঘলীপুখুৰীৰ পানী প্রদূষিত হৈ মাছৰ মৃত্যু হ’ব পাৰে বুলি একাংশই সন্দেহ ব্যক্ত কৰে যদিও মীন বিভাগে পানীত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ ফলত মাছৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে৷