মহানগৰ জিলা পৰিবহণ বিভাগৰ পদক্ষেপঃ সেনা জোৱানক অনুজ্ঞা–পত্র প্রদান
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ৰ উদ্যোগত আন এক আদৰণীয় পদক্ষেপ গ্রহণ কৰিছে৷
ৰাইজৰ সেৱাত একনিষ্ঠভাৱে জড়িত আৰক্ষী আৰু সেনা জোৱানৰ বিভিন্ন ক্ষেত্রত কর্মস্থলৈ থিতাতে গাড়ী চলোৱাৰ শিকাৰু অনুজ্ঞা–পত্র প্রদানৰ আন এক প্রশংসনীয় পদক্ষেপ গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷
সেই অনুসৰি ১৭ আগষ্টৰ পৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়া কার্যালয়ত এমাহৰ বাবে প্রতিদিনে ১০গৰাকী আবেদনকাৰীক যান–বাহনৰ যাৱতীয় জ্ঞান প্রদান কৰি থিতাতে অনুজ্ঞা–পত্র প্রদান কৰিব৷
ইচ্ছুক আবেদনকাৰীসকলে অনুজ্ঞা–পত্রৰ বাবে নিজৰ নাম, ঠিকনা, বয়সৰ প্রমাণ–পত্রসহ ‘Parivahan Sewa’ portal অথবা http//sarathi.parivahan.gov.in/sarathi service ত অনলাইনযোগে আবেদন কৰিব লাগিব৷ তদুপৰি অনলাইন আবেদনৰ পিছত আবেদনকাৰীসকলে জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ ৪৯ নম্বৰ কাউণ্টাৰত বয়স আৰু ঠিকনাৰ প্রমাণ–পত্র দাখিল কৰিব লাগিব৷