নিয়মীয়া বাৰ্তা ১৩ জুলাইঃ মহানগৰীৰ বামুণীমৈদামৰ বি জি য়ার্ডত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷ দুষৃকতিকাৰীয়ে মূৰত লোৰ ৰডেৰে প্রহাৰ কৰি নৃশংসভাৱে হত্যা কৰে এজন যুৱকক৷ নৃশংস হত্যাৰ বলি হোৱা যুৱকজন মঠঘৰীয়াৰ জোনালী নগৰৰ বাসিন্দা জিণ্টু মালী (১৮)৷ প্রাপ্ত খবৰ মতে জিণ্টু মালীয়ে বি জি য়ার্ডত ড্রাকৰ হেণ্ডিমেন হিচাপে কাম কৰি আছিল৷ দেওবাৰে নিশা জিণ্টুু মালীৰ একাংশ সতীর্থ চালক–হেণ্ডিমেনৰ লগত কোনো কথাক লৈ কাজিয়া লাগে৷ পিছত জিণ্টুুৰ মাতৃ আৰু ককায়েকে তেওঁলোকৰ কাজিয়া ভাঙি দিয়ে যদিও অলপ সময়ৰ বাবে জিণ্টু বি জি য়ার্ডতে থাকি যায়৷
সোমবাৰে পুৱাৰ ভাগত জিণ্টুৰ মৃতদেহ তেজেৰে লুতুৰি–পুতুৰি অৱস্থাত পৰি থকা দেখা পাই স্থানীয় ৰাইজে পৰিয়ালক খবৰ দিয়ে৷ ঘটনাস্থলীত মাতৃ উপস্থিত হৈ ঘটনা সন্দর্ভত নুনমাটি থানাত খবৰ দিয়ে৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে৷ ইপিনে জিণ্টুুৰ মূৰত আঘাতৰ চিন প্রত্যক্ষ কৰি মাতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে৷ জিণ্টুৰ মূৰত লোৰ লিভাৰেৰে প্রহাৰ কৰি হত্যা কৰা বুলি জ্যেষ্ঠ ভাতৃয়ে অভিযোগ উত্থাপন কৰিছে৷ ইপিনে, বি জি য়ার্ডত সর্বাধিক ড্রাগ্ছৰ প্রচলন হৈ থকা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷ ড্রাগছৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে প্রকৃত সত্য পোহৰলৈ আহিব৷