ডাম্পিং গ্রাউণ্ডঃ পদূলিয়ে পদূলিয়ে বন্তি প্রজ্বলনেৰে অভিনৱ প্রতিবাদ
নিয়মীয়া বাৰ্তা ৩ জুলাইঃ বিগত ৭ দিন ধৰি চন্দ্রপুৰত ধাৰাবাহিকভাৱে অব্যাহত আছে অসম চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ৷ চন্দ্রপুৰ ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চৰ আহ্বানত শুকুৰবাৰে সন্ধিয়া বৃহত্তৰ অঞ্চলটোৰ প্রত্যেকটো পৰিয়ালৰ পদূলিৰ লগতে বৃহত্তৰ চন্দ্রপুৰ অঞ্চলৰ প্রতিখন বজাৰ, ঘাট, নিজৰ নিজৰ ব্যৱসায়িক প্রতিষ্ঠানত বন্তি প্রজ্বলন কৰি ডাম্পিং গ্রাউণ্ডৰ বিৰোধিতা কৰে আৰু অসম চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ সুমতি কামনা কৰে৷
উল্লেখ্য যে চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাকে ধৰি বিভিন্ন দল–সংগঠনে ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰাখিলেও গুৱাহাটী পৌৰ নিগমৰ আৱর্জনা কঢ়িওৱা গাডী প্রতিদিনে চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পস্থলীত প্রৱেশ কৰি জাবৰ দ’মোৱা কাম অব্যাহত ৰাখিছে৷ সেয়েহে আজি ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ, চন্দ্রপুৰৰ আহ্বানত বন্তি প্রজ্বলন কৰি মঞ্চৰ আহ্বায়ক তথা প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বিষ্ণুৰাম বডোৱে কয় যে চন্দ্রপুৰক লৈ চৰকাৰে মানসিকতা সলনি নকৰা পর্যন্ত মঞ্চৰ উদ্যোগত প্রতিবাদ অব্যাহত থাকিব৷
ইপিনে, মঞ্চৰ আহ্বানত চন্দ্রপুৰ শ্বহীদ বেদী প্রাংগণত বন্তি প্রজ্বলন কার্যসূচী ৰূপায়ণ কৰি সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক তথা চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা টুটুমণি কলিতাই অতি স্পষ্টকৈ কয় যে গুৱাহাটীৰ পৰা আৱর্জনা কঢ়িয়াই আনি যি ডাম্পিং গ্রাউণ্ড স্থাপনৰ বাবে যুদ্ধংদেহি প্রস্তুতি চলাইছে, তাক চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাই কেতিয়াও সহ্য নকৰে৷ জাবৰৰ পৰা প্রকল্প স্থাপনৰ নামত কৰা ভেঁকো–ভাওনা শীঘ্রে বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ লগতে কয় যে শীঘ্রে এই সিদ্ধান্ত বাতিল কৰি আৱর্জনা কঢ়িওৱা কাম বন্ধ নকৰিলে অনাগত দিনত ইয়াৰ বিৰুদ্ধে প্রতিবাদ অধিক তীব্রতৰ হ’ব৷
ইপিনে, এক বিবৃতিত চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি নিতুল কলিতা আৰু সাধাৰণ সম্পাদক সৌৰভ দাসে কয়– ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ, চন্দ্রপুৰৰ আহ্বানত চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাই গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰাখিছে৷ কিন্তু এই চৰকাৰখনৰ কোনো ভ্রূক্ষেপ নাই৷ গণতান্ত্রিক প্রতিবাদক সন্মান নকৰা এইখন এখন ফেচিষ্ট চৰকাৰ৷ এই চৰকাৰে গণতান্ত্রিক প্রতিবাদৰ ভাষা বুজি নাপায়৷ সেয়েহে চৰকাৰক উচিত শিক্ষা দিবৰ বাবে চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাই ৰাইজৰ সহযোগত ডাম্পিং গ্রাউণ্ডৰ সিদ্ধান্ত বাতিল নকৰালৈ এই প্রতিবাদ অব্যাহত ৰাখিব৷ এই প্রতিবাদৰ অংশস্বৰূপে ৪ জুলাইত পুনৰ বাইক ৰেলী উলিয়াই প্রতিবাদ সাব্যস্ত কৰিব৷