দীপাৱলী উপলক্ষে বিজেপি যুৱ মর্চাৰ মাটিৰ চাকি বিতৰণ
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ ভাৰতবর্ষৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘ভোকেল ফৰ লোকেল’ বাণীক সাৰোগত কৰি স্থানীয় মৃৎশিল্পৰ লগত জড়িত শিল্পী আৰু কাৰিকৰসকলৰ জীৱিকা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্রত সকাহ দিয়া আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যে ভাৰতীয় জনতা যুৱ মর্চাৰ অসম প্রদেশৰ উদ্যোগত আৰু যুৱ মর্চা, গুৱাহাটী মহানগৰৰ সহযোগত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাইজৰ মাজত ২৫ হাজাৰ চাকি কমার্চ পইণ্টত বিতৰণ কৰা হয়৷
উক্ত অনুষ্ঠানত উপস্থিত থাকি যুৱ মর্চাৰ ৰাজ্যিক সভাপতি অনুপ বর্মনে দীপাৱলীৰ শুভেচ্ছা জনায় কয় যে মৃৎশিল্পক পুনৰুজ্জীৱত কৰিবলৈ উৎসাহ–উদ্দীপনা যোগোৱা বাবে যুৱ মর্চাই বিগত পাঁচ বছৰ ধৰি মাটিৰ চাকি বিতৰণ কার্যসূচী গ্রহণ কৰি আহিছে৷ অনুষ্ঠানত উপস্থিত থাকি সাংসদ কুইন ওজাই যুৱ মর্চাৰ এই পদক্ষেপৰ শলাগ লয়৷ অনুষ্ঠানত বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়াৰ লগতে যুৱ মর্চাৰ ৰাজ্যিক বিষয়া আৰু জিলাৰ কার্যকর্তাসকল উপস্থিত থাকে৷