নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটাভাতাত শিশু শ্রমিক নিযুক্তিৰে মুনাফাৰাজ

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ বন বিভাগ, প্রদূষণ নিয়ন্ত্রণ ব’ড, শ্রম বিভাগ, জিলা প্রশাসনকে ধৰি বিভিন্ন বিভাগৰ অসাধু বিষয়া, কর্মচাৰীক মেনেজ কৰি ইটাভাতাৰ মালিকে অবৈধ কাম–কাজ অব্যাহত ৰাখিছে৷ চন্দ্রপুৰ–পানীখাইতী মায়ং আদি অঞ্চলত থকা ইটাভাতাসমূহত সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে বুজাবুজি কৰি ইটাভাতাৰ মালিকে শিশু শ্রমিক নিয়োজিত কৰি আহিছে৷ শিশুক শ্রমিক হিচাপে নিয়োজিত কৰাটো আইনমতে দণ্ডনীয় যদিও কর্তৃপক্ষক মেনেজ কৰি সামান্য পাৰিশ্রমিকত ইটাভাতাৰ মালিকসকলে কম বয়সীয়া শিশুক কামত নিয়োজিত কৰিছে৷ শিশুৰ ভৱিষ্যৎ বিপদাপন্ন কৰি কেৱল মুনাফাৰ স্বার্থত ইটাভাতাৰ মালিকসকলে শিশু শ্রমিক নিয়োজিত কৰি অহাৰ পিছতো শ্রম বিভাগে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

বন বিভাগে প্রদান কৰা তথ্য অনুসৰি, পানীখাইতীত ২টা, চন্দ্রপুৰত ৪টা আৰু পশ্চিম মায়ঙত ১৪টাকৈ ইটাভাতা আছে৷ পানীখাইতীৰ পৰা পশ্চিম মায়ঙলৈ থকা সর্বমুঠ ২০টা ইটাভাতাই অঞ্চলটোৰ পৰিৱেশ প্রদূষিত কৰি আহিছে৷ ইটাভাতাৰ পৰা ওলোৱা ক’লা ধোঁৱাই কেৱল পৰিৱেশ প্রদূষিত কৰাই নহয়, পানীখাইতী, চন্দ্রপুৰ, পশ্চিম মায়ং আদি অঞ্চলৰ জনস্বাস্থ্যৰ প্রতিও তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ পানীখাইতী, হাতীশিলা, চন্দ্রপুৰ, পশ্চিম মায়ং অঞ্চলত বসবাস কৰা লোকসকলো শ্বাস–প্রশ্বাসজনিত বিভিন্ন ৰোগত আক্রান্ত হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ অঞ্চলবাসীয়ে বিভিন্ন সময়ত বন বিভাগ, প্রদূষণ নিয়ন্ত্রণ ব’ড, শ্রম বিভাগ, জিলা প্রশাসনক ইটাভাতাৰ পৰা সৃষ্টি হোৱা প্রদূষণ, ইটাভাতাত শিশু শ্রমিক নিয়োজিত কৰা সন্দর্ভত অভিযোগ দাখিল কৰি আহিছে৷ কিন্তু জিলা প্রশাসনকে ধৰি বিভাগীয় কর্তৃপক্ষই এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

অৱশ্যে মাজে–সময়ে শ্রম বিভাগে ইটাভাতাত অভিযান চলাই শিশু শ্রমিক উদ্ধাৰ কৰিছে৷ কিন্তু শিশু শ্রমিক উদ্ধাৰ কৰাৰ পিছতো ইটাভাতাৰ মালিকসকলৰ বিৰুদ্ধে ৰহস্যজনক কাৰণত কোনো শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ ইটাভাতাই সৃষ্টি কৰা প্রদূষণ ৰোধ কৰাৰ বাবে চৰকাৰ, প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like