নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষত ১৫৭ মেট্রিক টন এৰী–মুগা উৎপাদন

খানাপাৰাৰ ৰেচম নগৰত আশাৰ বতৰাঃ উৎসাহিত পালক

নিয়মীয়া বার্তা, ১৮ জুনঃ ৰাজ্যৰ লগতে কংক্রিটৰ মহানগৰীত অভাৱনীয় হাৰত বৃদ্ধি পাইছে এৰী–মুগাৰ উৎপাদন৷ প্রদূষণ হ্রাস, জলবায়ুৰ পৰিৱর্তনে এইক্ষেত্রত আশাৰ সঞ্চাৰ কৰিছে এৰী–মুগা পালকসকলক৷ এৰী–মুগা উৎপাদন কৰি চলিত বৰ্ষত চৰকাৰী তথা বেচৰকাৰীভাৱে অত্যধিক লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে পালকসকল৷ যি কার্যই উৎসাহিত কৰি তুলিছে এৰী–মুগা পালকসকলক৷

এইক্ষেত্রত প্রতিদিনে খানাপাৰাৰ ৰেচম নগৰত চলিছে উৎপাদনৰ যুদ্ধকালীন প্রস্তুতি৷ ৰেচম বিভাগৰ সহকাৰী সঞ্চালক মানৱেন্দ্র শইকীয়াই জনোৱা মতে, বিগত বৰ্ষসমূহতকৈ যথেষ্ট উৎপাদন বৃদ্ধি পাইছে৷ ৰেচম নগৰৰ ১০ একৰ ভূমিৰ লগতে ৰাজ্যৰ ১২খনতকৈ অধিক ফার্মত বৃদ্ধি হৈছে অভাৱনীয় উৎপাদন৷ যিয়ে নিবনুৱা যুৱক–যুৱতীসকলক আকর্ষিত কৰিব বুলি আশা প্রকাশ কৰে বিষয়াগৰাকীয়ে৷

আনহাতে, প্ৰবক্তা ডঃ আজিজুৰ ৰহমানে জনোৱা মতে চলিত বৰ্ষৰ এতিয়ালৈ ৰাজ্যত ১৫৭ মেট্ৰিকটন উৎপাদন হৈছে ৰাজ্যত৷ সমানে বাঢ়িছে এৰীৰ উৎপাদন৷ এইক্ষেত্রত ৰহমানে যিসকল যুৱক–যুৱতী ক’ৰোনা বিভীষিকাৰ বাবে বহিঃৰাজ্যৰ পৰা ঘৰলৈ ঘূৰি আহিছে, সেইসকলে এৰী–মুগা পালন কৰি অতি সহজে স্বাৱলম্বী হ’ব পাৰে বুলি আশা প্রকাশ কৰে৷ চলিত বৰ্ষত ৰাজ্যৰ হিতাধিকাৰীসকলে ৬০ৰ পৰা ৭০ লাখ মুগা উৎপাদন কৰিব বুলি আশা কৰা হৈছে৷

ইফালে লকডাউনৰ বাবে মুগাৰ সঁচ বৃদ্ধি কৰাৰ ক্ষেত্রত অসুিবধাৰ সন্মুখীন হোৱা পালকসকলক ২০০০ টকাৰ অর্থ সাহায্য প্রদানৰ যো–জা চলোৱা বুলিও মন্তব্য কৰিছে ৰেচম কর্তৃপক্ষই৷ মুঠতে এৰী–মুগাৰ অত্যধিক উৎপাদনে আশাৰ সঞ্চাৰ কৰিছে পালকসকলৰ মনত৷ লগতে নিবনুৱা যুৱক–যুৱতীৰ বাবেও হৈ পৰিছে আদর্শ৷

You might also like