নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচত চিকিৎসাধীন কয়দীৰ পলায়ন

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিব খোজা অথবা আৰক্ষীক প্রহাৰ কৰিবলৈ উদ্যত হোৱা অপৰাধীক এনকাউণ্টাৰ কৰি অহাৰ মাজতেই কালি জি এম চি এইচৰ পৰা এজন কাৰাবন্দীয়ে পলায়ন কৰে৷

প্রাপ্ত খবৰ অনুসৰি কালি গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ পৰা বিজয় দেৱনাথ নামৰ এজন কয়দীক স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চি এইচলৈ লৈ আহে৷ জি এম চি এইচত চিকিৎসাধীন অৱস্থাতে আৰক্ষীৰ চকুত ধূলি দি কয়দীজনে জি এম চি এইচ চৌহদৰ পৰা পলায়ন কৰে৷

ঘটনা সন্দর্ভত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰ কর্তৃপক্ষই ভঙাগড় থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযান আৰম্ভ কৰিছে৷ অৱশ্যে বাতৰি লিখা পৰলৈ আৰক্ষীয়ে কয়দীটোৰ সন্ধান পোৱা নাই৷

You might also like