ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথৰ ব্যৱসায়ীক উচ্ছেদ
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনা উলংঘাৰে ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথত দীর্ঘদিন ধৰি একাংশ ব্যৱসায়ীয়ে ব্যৱসায় চলাই আহিছে৷ পৌৰ নিগমৰ একাংশ অসাধু বিষয়া–কর্মচাৰীক মেনেজ কৰি ব্যৱসায়ীসকলে ন’ ভেণ্ডিং জ’নত ব্যৱসায় চলাই আহিছে৷
শেহতীয়াকৈ ‘নিয়মীয়া বার্তা’ কাকতত এছ এছ ৰোডৰ পদপথত ন্যায়ালয়ৰ নির্দেশনা উলংঘাৰে ব্যৱসায় চলাই অহাৰ বাতৰি প্রকাশ পাইছিল৷ এই বাতৰি প্রকাশ পোৱাৰ পিছতে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই আৰক্ষীৰ সহযোগত আজি ফাঁচীবজাৰৰ এছ এছ ৰোডত উচ্ছেদ অভিযান চলায়৷ এই অভিযানৰ পিছতে ব্যৱসায়ী আৰু অভিযানকাৰী দলটোৰ মাজত বাক্–বিতণ্ডাৰ সৃষ্টি হয়৷
অৱশ্যে মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ পৌৰ নিগমৰ অভিযানকাৰী দলটোৱে এছ এছ ৰোডৰ গোৱেংকা পইণ্টৰ পৰা এলআইচি কার্যালয়ৰ সন্মুখলৈকে পদপথত ব্যৱসায় কৰি অহা লোকসকলক উচ্ছেদ কৰে৷ উল্লেখ্য যে ন্যায়ালয়ৰ নির্দেশ অনুসৰি ফাঁচীবজাৰৰ এছ এছ ৰোডক পৌৰ নিগম কর্তৃপক্ষই ন’ ভেণ্ডিং জ’ন হিচাপে ঘোষণা কৰিছিল৷ তদুপৰি এই পদপথ ব্যৱসায়ীসকলৰ বাবে ১৭ লাখ টকা ব্যয়েৰে ফাঁচীবজাৰৰ জি এম চি মার্কেট নির্মাণ কৰি ব্যৱসায়ীসকলক সংস্থাপিত কৰিব বিচাৰিছিল৷ কিন্তু পৌৰ নিগমৰ একাংশ অসাধু বিষয়া–কর্মচাৰীৰ সৈতে হোৱা গোপন বুজাবুজিৰ বাবেই এই ব্যৱসায়ীসকলে ন’ ভেণ্ডিং জ’নতে ব্যৱসায় চলাই আহিছিল৷লক্ষণীয় যে পূর্বতেও পৌৰ নিগমে এছ এছ ৰোডত কেইবাবাৰো উচ্ছেদ চলাইছিল যদিও পুনৰ ব্যৱসায়ীসকলে পদপথতে ব্যৱসায় চলাই আহিছিল৷