ফাঁচীবজাৰৰ এছএছ ৰোডত চলিছে অবৈধ বজাৰ
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনা উলংঘাৰে ফাঁচীবজাৰৰ এছ এছ ৰোডত বছৰৰ পিছত বছৰ ধৰি পদপথত একাংশ লোকে ব্যৱসায় চলাই আহিছে৷ ন্যায়ালয়ৰ নির্দেশনা মানি পৌৰ নিগমে এছ এছ ৰোডৰ পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰিছে যদিও এটা প্রভাৱশালী চক্রৰ পৃষ্ঠপোষকতাত ব্যৱসায়ীসকলে ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি প্রভাৱশালী চক্রটোৱে গুৱাহাটী পৌৰ নিগমৰ একাংশ অসাধু বিষয়াক মোটা অংকৰ ধন দি নীতি–নির্দেশনা উলংঘাৰে ফাঁচীবজাৰৰ এছ এছ ৰোডত ব্যৱসায় চলাই আহিছে৷ প্রভাৱশালী চক্রটোৱে ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথৰ ব্যৱসায়ীসকলৰ পৰা প্রতিদিনে ২০০ৰ পৰা ৫০০ টকালৈকে গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ গুৱাহাটী পৌৰ নিগম আৰু মহানগৰ আৰক্ষীৰ একাংশ অসাধু বিষয়াক মেনেজ কৰাৰ নামত প্রতিদিনে এই প্রভাৱশালী চক্রটোৱে পদপথৰ ব্যৱসায়ীসকলৰ পৰা এই ধন সংগ্রহ কৰি আহিছে৷
প্রাপ্ত তথ্য অনুসৰি, ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথত ডেৰ শতাধিক ব্যৱসায়ীয়ে ব্যৱসায় চলাই আহিছে৷ ন্যায়ালয়ৰ নির্দেশনা অনুসৰি পৌৰ নিগম কর্তৃপক্ষই এই ব্যৱসায়ীসকলক উচ্ছেদ কৰিছিল৷ কিন্তু প্রভাৱশালী দালাল চক্রটোৱে নীতি–নির্দেশনা উলংঘাৰে ব্যৱসায়ীসকলক এছ এছ ৰোডৰ পদপথত ব্যৱসায় চলাই যোৱাৰ অনুমতি দিছে৷ চক্রটোৰ নির্দেশনা অনুসৰিয়েই প্রতিদিনে পদপথত এই ব্যৱসায়ীসকলে ব্যৱসায় চলাই আহিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনা মানি পৌৰ নিগম কর্তৃপক্ষই ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কেইবাবাৰো উচ্ছেদ অভিযান চলাইছিল৷ জিএমচিৰ উচ্ছেদ অভিযানৰ পিছতো ৰহস্যজনকভাৱে এই ব্যৱসায়ীসকলে আজিও এছ এছ ৰোডৰ পদপথ দখল কৰি ব্যৱসায় চলাই আহিছে৷
এছ এছ ৰোডৰ পদপথ ব্যৱসায়ীসকলক স্থানান্তৰিত কৰাৰ বাবে জিএমচিয়ে ১৭ লক্ষাধিক টকা ব্যয়েৰে ফাঁচীবজাৰৰ জিএমচি মার্কেটত বজাৰগৃহ নির্মাণ কৰিছিল৷ তদানীন্তন গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা তছদিকুৰ ৰহমানৰ দিনতে ফাঁচীবজাৰৰ জিএমচি মার্কেটত বজাৰগৃহ নির্মাণৰ কাম আৰম্ভ হৈছিল৷ অতি ৰহস্যজনকভাৱে আজিও বজাৰগৃহ নির্মাণৰ কাম সম্পূর্ণ নহ’ল৷ সম্প্রতি পৌৰ নিগমৰ মুখ্য অভিযন্তা হিচাপে তছদিকুৰ ৰহমানে মুখ্য অভিযন্তা হিচাপে কার্যনির্বাহ কৰি আছে৷ অভিযোগ অনুসৰি তছদিকুৰ ৰহমানৰ পৃষ্ঠপোষকতাতে প্রভাৱশালী চক্রটোৱে ফাঁচীবজাৰৰ এছ এছ ৰোড দখল কৰি পুনৰ ব্যৱসায় আৰম্ভ কৰিছে৷ প্রতিমাহে মোটা অংকৰ ধনৰ বিনিময়ত এছ এছ ৰোডৰ পদপথত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনা উলংঘাৰে চলি থকা বজাৰখন বন্ধ কৰাৰ বাবে জিএমচি কর্তৃপক্ষই কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷