নাৰেংগীৰ কলংপাৰ বজাৰত অগ্নিকাণ্ডত ব্যৱসায়িক প্রতিষ্ঠান ভস্মীভূত
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: মহানগৰীৰ নাৰেংগী কলংপাৰৰ চেকগেটৰ সমীপত মঙলবাৰে দিনৰ ভাগত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ঘটনাত ‘হাঙৰী আন্না’ নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনৰ যথেষ্ট ক্ষতিগ্রস্ত হয়৷
জানিব পৰা মতে, দিনৰ প্রায় ২মান বজাত চেকগেটত থকা ফাষ্টফুডখনত ভাত বনাই থকাৰ সময়ত অকস্মাৎ জুই লাগে৷ গেছৰ চিলিণ্ডাৰ লিকেজ হোৱাৰ ফলত এই জুইৰ সূত্রপাত হৈ পৰৱর্তী সময়ত চাট হাউছখনত এই জুয়ে আগুৰি ধৰে৷ পিছত কলংপাৰ বজাৰত বজাৰ–সমাৰ কৰিবলৈ অহা স্থানীয় একাংশ লোকে এই জুই প্রত্যক্ষ কৰি ততালিকে অগ্নিনির্বাহক বাহিনীক খবৰ দিয়ে৷ কিছু সময়ৰ পিছত ঘটনাস্থলীত এখন অগ্নিনির্বাহক গাডী উপস্থিত হৈ ততালিকে এই জুই নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে এই অগ্নিকাণ্ডৰ ঘটনাত চাট হাউছখন সম্পূর্ণভাৱে ভস্মীভূত হয় যদিও সৌভাগ্য ক্রমে ভয়াৱহ জুইৰ সংক্রমণৰ পৰা ৰক্ষা পৰে সমগ্র অঞ্চলটো৷ এই অগ্নিকাণ্ড ঘটনাত ব্যৱসায়িক প্রতিষ্ঠানখনৰ প্রায় ডেৰ লাখ টকাৰ সম্পত্তি বিনষ্ট হোৱা বুলি চাট হাউছখনৰ গৰাকী ৰাহুল শর্মাই জানিবলৈ দিয়ে৷