নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাষ্ট ট্রেক আদালতৰ জৰিয়তে ঋতুপর্ণৰ হত্যাকাৰীক শাস্তিৰ দাবী

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ মহানগৰীৰ নুনমাটিত অলপতে ঋতুপর্ণ পেগু নামৰ যুৱকজনক হত্যা কৰা ঘটনাত জড়িত হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে জে বি আইন মহাবিদ্যালয়ৰ ছাত্র একতা সভাই৷

এক বিবৃতিত সভাৰ সভাপতি প্রশান্ত আগৰৱালাই পেগু হত্যাকাণ্ডক তীব্র গৰিহণা দিয়ে৷ লগতে এই হত্যাকাণ্ডৰ গোচৰটো ফাষ্ট ট্রেক আদালতত বিচাৰৰ ব্যৱস্থা কৰি হত্যাকাৰীক কঠোৰ শাস্তি দিবলৈ চৰকাৰক দাবী জনায়৷

ঋতুপর্ণ পেগুৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবীত মহাবিদ্যালয়খনত ছাত্র–ছাত্রীসকলে আজি প্লেকার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে শুকুৰবাৰে নুনমাটিত আৰমান ফার্নিছিং হোম নামৰ প্রতিষ্ঠানখনৰ প্রাক্তন কর্মচাৰী ঋতুপর্ণ পেগুক প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰীকে ধৰি পৰিয়ালৰ লোকে নৃশংসভাৱে হত্যা কৰিছিল।

You might also like