নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয়দিনাও দীঘলীপুখুৰীত মাছৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৯ জুনঃ দীঘলীপুখুৰীত তৃতীয় দিনাও মৰিয়েই আছে মাছ৷ সোমবাৰে দীঘলীপুখুৰীত শ শ মাছ মৰি পানীত ওপঙি থকা পৰিলক্ষিত হয়৷ পুখুৰীৰ পাৰত মৰা মাছৰ দৃশ্য চাবলৈ অগণন লোকে ভিৰ কৰে৷ অত্যধিক জৈৱিক পদার্থ আৰু অক্সিজেনৰ পৰিমাণ হ্রাস পোৱাৰ বাবেই দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত মাছৰ মৃত্যু হোৱা বুলি মীন বিভাগে কালি সদৰী কৰে৷

বিভাগীয় মন্ত্রী পৰিমল শুক্লবৈদ্যৰ নির্দেশমর্মে মীন বিভাগৰ লোকে জিলা প্রশাসনৰ সহযোগত পুখুৰীৰ পানীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে৷ পুখুৰীৰ পানীত নৌকা চলোৱাৰ লগতে বিভিন্ন পদ্ধতিৰে মীন বিভাগে পানী পৰিষ্কাৰ আৰু অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও মাছৰ মৃত্যু ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে যোৱা দুদিনৰ তুলনাত আজি মাছৰ মৃত্যুৰ হাৰ হ্রাস পোৱা পৰিলক্ষিত হৈছে৷

You might also like