নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ গুৱাহাটী ৰে’লৱে সুৰক্ষা বাহিনীৰ এটা দলে ১ অক্টোবৰত অভিযান চলাই নামনিমুৱা অবধ আছাম এক্সপ্রেছৰ পৰা চাৰিজন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ধৃত লোককেইজনৰ পৰা প্রায় ১.১২ কোটি টকাৰ সোণ জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত লোককেইজন হৈছে ক্রমে পশ্চিমবংগৰ সন্ধ্যা দাস (৩১), পদ্মা সাহা (৪৬), মহম্মদ আনছাৰুল আলম (৪২) আৰু ঝাৰখণ্ডৰ প্রবীৰ সৰকাৰ (৩৭)৷ আৰক্ষী সূত্রই জনোৱা মতে ধৃত লোককেইজনে চোৰাং সোণ সৰবৰাহ কৰি আহিছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি অতর্কিতে অভিযান চলাই ৰে’লখনৰ পৰা লোককেইজনক কৰায়ত্ত কৰাৰ লগতে ২.১৫ কিলোগ্রাম ওজনৰ ১৩টা সোণৰ বিস্কুট জব্দ কৰে৷ ৰে’ল সুৰক্ষা বাহিনীয়ে পিছত লোককেইজনক ডি আৰ আইৰ জিম্মালৈ প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দর্ভত ডি আৰ আয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷