বশিষ্ঠত বেংক গ্রাহকৰ চাৰি লাখ লুট
নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ মহানগৰীত ক্রমাৎ বৃদ্ধি পাইছে দিন ডকাইতিৰ ঘটনা৷ মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত একপ্রকাৰ ব্যর্থ হৈছে মহানগৰ আৰক্ষী৷ এটাৰ পাছত আনটো অপৰাধজনিত ঘটনা নিতৌ সংঘটিত হোৱাৰ পাছতো মহানগৰ আৰক্ষীয়ে এনে অপৰাধ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱা নাই৷ হত্যা, হিংসা, ধর্ষণ আৰু চুৰি, ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ অলপতে মহানগৰীৰ মালিগাঁৱত এগৰাকী বৃদ্ধক আক্রমণ কৰি দুর্বৃত্তই ধন লুট কৰাৰ পাছত পুনৰ আজি বশিষ্ঠ চাৰিআলিত আন এক ধন লুটৰ ঘটনা সংঘটিত হৈছে৷ বাইকত অহা দুর্বৃত্তই এগৰাকী বেংক গ্রাহকৰ চাৰি লাখ টকাৰ বেগ কাঢ়ি নিয়া ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্রাপ্ত খবৰ মতে বশিষ্ঠ চাৰিআলিস্থিত আইচিআইচিআই বেংকৰ সন্মুখৰ পৰা অৰবিন্দ কুমাৰ নামৰ ব্যক্তিজনে বেংকৰ পৰা চাৰি লাখ টকা তুলি লৈ ঘৰমুৱা হওঁতেই পাছফালৰ পৰা বাইকত অহা দুর্বৃত্তই টকাৰ বেগটো লৈ উধাও হয়৷ ঘটনা সন্দর্ভত ভুক্তভোগী লোকজনে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও দুর্বৃত্তৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷
উল্লেখ্য যে যোৱা ১৬ জানুৱাৰীত বেলতলাৰ এটা পেট্র’ল পাম্পৰ পৰা দুর্বৃত্তই ধন লুটৰ চেষ্টা কৰাৰ সময়তে বহিঃৰাজ্যৰ এজন যুৱকক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে৷ ইপিনে, অলপতে ভেটাপাৰাৰ পৰা ডকাইতৰ দলে এটা প্রতিষ্ঠানৰ কর্মচাৰীৰ পৰা ২২ লাখ টকা লুট কৰে৷ অৱশ্যে হাতীগাঁও আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ১০টা দুর্ধর্ষ ডকাইতক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷