আৰক্ষীৰ ছত্রছায়াত কাছমাৰী ঘাটত অবাধ খনন
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ নিশাৰ মহানগৰীত অব্যাহত আছে বালি মাফিয়াৰ অতপালি৷ একাংশ আৰক্ষী বিষয়াৰ ছত্রছায়াত বালি মাফিয়া চক্রই নিশাৰ মহানগৰীত অবৈধভাৱে ৰঙামাটি সৰবৰাহৰ লগতে ব্রহ্মপুত্রৰ বুকুত চলাই আহিছে অবৈধ খনন৷ চন্দ্রপুৰ–পানীখাইতী ধৰি মহানগৰীৰ ভৰলুমুখ আৰু কাছমাৰী ঘাটত নিশাৰ ভাগত অসাধু ব্যৱসায়ী চক্রই ব্রহ্মপুত্রৰ বুকুত খনন কার্য চলাই আছে৷
আৰক্ষী–প্রশাসনৰ চকুৰ আগতেই অবৈধভাৱে ভৰলুমুখ আৰু কাছমাৰী ঘাটত অবাধ খনন কার্য চলিছে যদিও এইক্ষেত্রত বন বিভাগ তথা আৰক্ষীয়ে নীৰৱ দর্শকৰ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে৷ ভূ–মাফিয়া চক্রই নিশাৰ ভাগত কাছমাৰী ঘাটত জেচিবিৰে বালি খনন কৰি শ শ ডাম্পাৰেৰে সৰবৰাহ কৰি আহিছে যদিও আৰক্ষীয়ে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷
ইপিনে, নিশাৰ মহানগৰীত কোনো নথিপত্র তথা চালান নোহোৱাকৈ শ শ ডাম্পাৰেৰে ব্রহ্মপুত্রৰ বালি আৰু ৰঙামাটি সৰবৰাহ কৰি থকাৰ পাছতো আৰক্ষী–প্রশাসনৰ দৃষ্টিগোচৰ হোৱা নাই৷ নিশাৰ মহানগৰীত কর্তব্যৰত একাংশ আৰক্ষীৰ লোকে অবৈধভাৱে মাটি–বালি কঢ়িওৱা ডাম্পাৰৰ পৰা ধন সংগ্রহ কৰি অবৈধ ব্যৱসায়ীক ৰক্ষণাবেক্ষণ দি আহিছে৷ প্রাপ্ত অভিযোগ অনুসৰি প্রতিখন ডাম্পাৰৰ পৰা আৰক্ষীয়ে ১০০ৰ পৰা তিনিশ টকা পর্যন্ত সংগ্রহ কৰি নিশাৰ মহানগৰীত বালি–মাটি কঢ়িওৱাৰ সুবিধা প্রদান কৰি আহিছে৷
ইপিনে, নিশা ডাম্পাৰৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগত ভৰলুমুখ থানাৰ হাবিলদাৰ দীপক কলিতা, কনিষ্টবল অতুল সিং আৰু এজন গৃহৰক্ষী জোৱানক পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ ডিচিপি নৱনিত মহন্তই তৎকালে বলবৎ হোৱাকৈ ৰিজার্ভ ক্ল’জ কৰে৷