সুস্বাদু খাদ্যৰ অর্ডাৰ দিওতে সাৱধান ! ফেটবেলিৰ ফ্রাইড ৰাইচত ওলাল পঁইতাচোৰা
নিয়মীয়া বাৰ্তা ৯ জুনঃ ক’ভিড–১৯ ৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনত বন্ধ হৈ আছিল হোটেল–ৰেষ্টুৰেণ্ট৷ কেন্দ্রীয় চৰকাৰৰ নির্দেশ মর্মে লকডাউন ৫.০ কিছু শিথিলতা আনি হোটেল–ৰেষ্টুৰেণ্ট, শ্বপিং মল খোলাৰ অনুমতি প্রদান কৰিছিল৷ দীর্ঘদিন ধৰি হোটেল–ৰেষ্টুৰেণ্টৰ খাদ্যৰ জুতি ল’বলৈ নোপোৱা একাংশ লোকে ছুইগীৰ জৰিয়তে মহানগৰীৰ হোটেল–ৰেষ্টুৰেণ্টৰ পৰা সুস্বাদু খাদ্যৰ অর্ডাৰ দিছে৷
কালি খ্রীষ্টানবস্তিৰ জয়শ্রী দাস নামৰ এগৰাকী যুৱতীয়ে ছুইগীৰ জৰিয়তে জু–ৰোডৰ ফেটবেলি ৰেষ্টুৰেণ্টৰ পৰা চিকেন ছিজুৱান ফ্রাইড ৰাইচ অর্ডাৰ দিয়ে৷ ৭৪৬০১৯৮৩৮৭২ অর্ডাৰ নম্বৰৰ জৰিয়তে ছুইগীৰ ডেলিভাৰী বয়ে যুৱতীগৰাকীক ফেটবেলিৰ পৰা ফ্রাইড ৰাইচ প্রদান কৰে৷ যুৱতীগৰাকীয়ে অর্ডাৰ কৰা খাদ্য খাবলৈ লওঁতেই খাদ্যৰ মাজত এটা পঁইতাচোৰা পত্যক্ষ কৰে৷
ইয়াৰ পাছতে যুৱতীগৰাকীয়ে ফেটবেলিৰ কর্তৃপক্ষক যোগাযোগ কৰে যদিও কোনো সদুত্তৰ নাপায়৷ বিলাসী ৰেষ্টুৰেণ্টত সুস্বাদু খাদ্যৰ মাজত পঁইতাচোৰা ওলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷