গান্ধীবস্তিত ড্রাগ্ছসহ মহিলাক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ৮ জুলাইঃ গুৱাহাটী মহানগৰীত ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান৷ মহানগৰীৰ চানমাৰি আৰক্ষীয়ে কালি অভিযান চলাই গান্ধীবস্তিৰ ৰে’লআলিৰ পৰা ১৪.৭৫ গ্রাম হেৰ’ইনসহ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰে৷ ধৃত মহিলাগৰাকী গোৱালপাৰাৰ ৰংজুলি থানাৰ অন্তর্গত শিমলীতোলাৰ তাকলিমা বেগম (৪০)৷ মহিলাগৰাকীয়ে গান্ধীবস্তিৰ ৰে’লআলিৰ সমীপৰ জুপুৰিত আশ্রয় লৈ ড্রাগ্ছৰ বেহা চলাই আছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পমখেদি কালি মহিলাগৰাকীক গ্রেপ্তাৰ কৰাৰ লগতে মহিলাগৰাকীৰ পৰা ১৪.৭৫ গ্রাম হেৰ’ইনভর্তি ১১টা প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে চানমাৰি থানাত এটা গোচৰ ৰুজু কৰি আজি আদালতত হাজিৰ কৰাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে মহিলাগৰাকীক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷