গণেশ নগৰত খাচি–গাৰো যুৱকে আঁৰিলে বেনাৰ
বশিষ্ঠৰ দক্ষিণ অঞ্চলত অসম–মেঘালয় সীমান্তত অব্যাহত উত্তেজনা
নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো দুর্বৃত্তৰ গুলীত পাঁচজন অসম আৰক্ষীৰ জোৱানসহ ছজন লোকে প্রাণ হেৰুওৱাৰ পাছত ৰাজ্যত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ সীমা বিবাদক লৈ দুয়োখন ৰাজ্যৰ মাজত সংঘটিত হোৱা এই মর্মান্তিক ঘটনাক ৰাজ্যৰ বিভিন্ন দল–সংগঠনে গৰিহণা দিয়াৰ লগতে মিজোৰামৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে৷ অসম–মিজোৰামৰ মাজত সীমা বিবাদক লৈ চলি থকা সংঘাতৰ মাজতে দিছপুৰ সমষ্টিৰ অন্তর্গত বশিষ্ঠৰ দক্ষিণ গণেশ নগৰত মেঘালয় প্রশাসনৰ সহযোগত এটা স্বেচ্ছাসেৱী সংগঠনে আগ্রাসী মনোভাবেৰে অসমৰ ভূমিত বিদ্যুতৰ খুঁটা পোতে৷ মেঘালয়ৰ স্বেচ্ছাসেৱী সংগঠনৰ এই কার্যত সীমান্তত বাস কৰা অসমীয়া লোকে বাধা আৰোপ কৰাৰ লগতে আৰক্ষী প্রশাসনক অৱগত কৰাত অসম আৰক্ষীয়ে মেঘালয় প্রশাসনৰে যোগাযোগ কৰি বিবদমান বিদ্যুতৰ খুঁটা উভালি পেলায়৷
ইপিনে, বিষয়টোক লৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পর্যায়ত আলোচনা অব্যাহত থকাৰ মাজতে কালি পুনৰ মেঘালয়ৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে অসমৰ ভূমিত দুখনকৈ বেনাৰ আঁৰি দিয়া বুলি স্থানীয় বাসিন্দাসকলে জানিবলৈ দিছে৷ অৱশ্যে অসম আৰক্ষীয়ে মেঘালয় প্রশাসনৰে আলোচনা কৰি উক্ত বেনাৰ উঠাই দিয়ে৷ সীমান্তত বাস কৰা গুৰু প্রসাদে জানিবলৈ দিয়া মতে, শ্বিলং, নংপো আৰু মেঘালয়ৰ অন্যান্য জিলাৰ পৰা স্বেচ্ছাসেৱী সংগঠনটোৰ নেতৃত্বত কালি ২৫–৩০জনীয়া এটা যুৱকৰ দলে আহি অসমৰ ভূমিত বেনাৰ আঁৰি থৈ যায়৷ ৰহস্যজনকভাৱে স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলক মেঘালয় আৰক্ষীয়ে বাধা আৰোপ কৰাৰ পৰা বিৰত থাকে৷
মেঘালয় আৰক্ষীৰ এই ৰহস্যজনক ভূমিকাত সীমান্তত বাস কৰা অসমীয়া লোকে তীব্র অসন্তুষ্টি ব্যক্ত কৰে৷ অৱশ্যে খাচি ভাষাত লিখা বেনাৰ দুখন অসম আৰক্ষীয়ে আঁতৰাই দিয়ে৷ গুৰু প্রসাদে লগতে কয় যে অসম–মেঘালয় সীমান্তত বাস কৰা দুয়োখন ৰাজ্যৰ বাসিন্দাসকলৰ মাজত কোনো সংঘাত নাই৷ দীর্ঘদিন ধৰি মিলা–প্রীতিৰে সীমান্তত তেওঁলোকে বাস কৰি থকাৰ মাজতে এন জি অ’ নামধাৰী দুর্বৃত্তই অসমৰ ভূমিত বিদ্যুতৰ খুঁটা পুতি বেনাৰ আঁৰি অশান্তিৰ বীজ ৰোপণ কৰিছে৷ সেয়ে এইক্ষেত্রত অসম চৰকাৰক বিহিত ব্যৱস্থা গ্রহণ কৰি আলোচনাৰ মাজেৰে সীমা বিবাদ মীমাংসা কৰিবলৈ তেওঁ আহ্বান জনায়৷ অৱশ্যে অসম–মেঘালয় সীমান্তত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰিছে৷