১০ বছৰে সম্পূর্ণ নহ’ল গণেশগুৰিৰ জিএমচি বজাৰগৃহ
নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি চৰকাৰে গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা বজাৰগৃহ নির্মাণৰ কাম আৰম্ভ কৰিছিল যদিও অধিকাংশ বজাৰ গৃহ নির্মাণৰ কাম আজিও সম্পূর্ণ হোৱা নাই৷ গুৱাহাটী পৌৰ নিগমৰ একাংশ বিষয়া–কর্মচাৰীৰ হেমাহিৰ বাবে কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে নির্মাণকার্য সম্পূর্ণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ মহানগৰীৰ গণেশগুৰিস্থিত পৌৰ নিগমৰ বজাৰগৃহৰ কাম দীর্ঘদিন ধৰি আধৰুৱা হৈ পৰি থকা পৰিলক্ষিত হৈছে৷ ফলত বজাৰত দোকান–পোহাৰ কৰি পৰিয়াল চলোৱা ব্যৱসায়ীসকল বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷
ৰাজকোষৰ ১.৯২ কোটি টকা ব্যয়সাপেক্ষে বজাৰগৃহটো নির্মাণৰ বাবে ২০১১–১২ চনতে গুৱাহাটী পৌৰ নিগমক দায়িত্ব অর্পণ কৰা হয় যদিও ১০ বছৰ পিছতো বজাৰগৃহটোৰ কাম সম্পূর্ণ হোৱা নাই৷ এইক্ষেত্রত বজাৰ পৰিচালনা সমিতিৰ সম্পাদক ভৈৰৱ কলিতাই ক্ষোভ প্রকাশ কৰি কয় যে দিছপুৰৰ গাতে লাগি থকা বজাৰগৃহটো পৌৰ নিগমৰ একাংশ বিষয়া–কর্মচাৰীৰ চূড়ান্ত হেমাহিৰ বাবে আজিও সম্পূর্ণ হৈ নুঠিল৷ চৰকাৰে ১.৯২ কোটি টকা ব্যয় ধার্য কৰি দিয়াৰ পিছত নিবিদাৰ জৰিয়তে জিএমচি কর্তৃপক্ষই ঠিকাদাৰক কামৰ দায়িত্ব অর্পণ কৰে৷ সেই অনুসৰি কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে ২০১৫ চনত নির্মাণকার্য আৰম্ভ কৰি ডেৰ বছৰৰ ভিতৰত সম্পন্ন কৰাৰ কথা আছিল৷ কিন্তু আজিপর্যন্ত নির্মাণকার্য সম্পূর্ণ কৰিব পৰা নাই৷
ফলত বজাৰখনত ব্যৱসায় কৰা ২৮০ৰো অধিক লোক পৰিয়াল চলোৱাত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ এই সন্দর্ভত বজাৰ পৰিচালনা সমিতিয়ে জিএমচিৰ কাষ চপাত গৃহ নির্মাণৰ ৩০ শতাংশ কাম বাকী থকাৰ সময়তে চৰকাৰে ধার্য কৰা ধন শেষ হোৱা বুলি জানিবলৈ দিয়ে৷ তদুপৰি এই গৃহটো সম্পূর্ণ কৰিবলৈ পুনৰ চৰকাৰক ধনৰ পৰিমাণ বঢ়াই দিয়াৰ বাবে আবেদন কৰা বুলি বজাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াক জিএমচি কর্তৃপক্ষই জনায়৷ ইপিনে, ক’ৰোনা মহামাৰীক লৈ চলি থকা লকডাউনৰ মাজত জিএমচিয়ে বজাৰখনত ব্যৱসায় কৰাসকলৰ দোকানৰ ভাৰা প্রতি বর্গফুটত ২০ টকাকৈ বৃদ্ধি কৰা বুলি বজাৰ পৰিচালনা সমিতিৰ সম্পাদক কলিতাই জানিবলৈ দিছে৷ এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে যি সময়ত ক’ৰোনা মহামাৰীৰ বাবে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানৰ প্রতি সঁহাৰি জনাই একাংশ ভাৰাঘৰৰ গৰাকীয়ে ৫০ শতাংশ ভাৰা ৰেহাই দিছে, সেই সময়তে পৌৰ নিগমে দোকানৰ ভাৰা বৃদ্ধি কৰি বজাৰখনৰ ব্যৱসায়ীসকলক মাধমাৰ শোধাইছে৷ ফলত টিনপাত অথবা ত্রির্পালৰ তলত ব্যৱসায় কৰি পৰিয়াল চলোৱা ব্যৱসায়ীসকল বিপাঙত পৰিছে৷
লক্ষণীয়ভাৱে নির্মাণকার্য চলি থকাৰ সময়ছোৱাত বজাৰত গ্রাহকৰ সংখ্যাও উদ্বেগজনকভাৱে হ্রাস পোৱা বুলি তেওঁ জানিবলৈ দিছে৷ তদুপৰি নির্মাণকার্যতো বিভিন্ন বিসংগতিৰ কথা দোহাৰি তেওঁ কয় যে দুমহলীয়া অট্টালিকা অথবা বজাৰগৃহটোত ওপৰৰ মহলালৈ উঠিবৰ বাবে নির্মাণ কৰা ছিৰি সুবিধাজনক নহয়৷ সেয়েহে বজাৰগৃহটোৰ শীঘ্রে নির্মাণকার্য সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিছে বজাৰ পৰিচালনা সমিতিয়ে৷