নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত বনৰীয়া গাহৰিৰ আক্রমণত আহত ৬ ব্যক্তি

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট:  পবিতৰা অভয়াৰণ্যৰ পৰা বানপানীত উটি অহা বনৰীয়া গাহৰিয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত বিগত দুসপ্তাহ ধৰি সন্ত্রাস চলাই আহিছে৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এই বনৰীয়া গাহৰিটোৰ আক্রমণত আজি আমবাৰীত চাৰিজনকৈ লোক     গুৰুতৰভাৱে আহত হয়৷ বনৰীয়া গাহৰিটোৱে পুৱা গুৱাহাটী প্রেছ ক্লাবৰ চৌহদত প্রৱেশ কৰি ৰাজেন বাছফৰ নামৰ এজন কর্মচাৰীক আক্রমণ কৰে৷ বনৰীয়া গাহৰিটোৰ আক্রমণত ৰাজেন বাছফৰ গুৰুতৰভাৱে আহত হয়৷ ইয়াৰ পাছতে পুৰাতত্ত্ব সঞ্চালকালয়ৰ কার্যালয়ত গাহৰিটো প্রৱেশ কৰি দুই কর্মচাৰী ক্রমে মকলেছ আলী আৰু কৰুণা বর্মনক আক্রমণ কৰে৷ বনৰীয়া গাহৰিটোৰ আক্রমণত অসম টেক্সটাইল ইনষ্টিটিউটত কর্মৰত লক্ষী বড়ো নামৰ এজন কর্মচাৰীও আহত হয়৷ গাহৰিৰ আক্রমণত আঘাতপ্রাপ্তকেইজনৰ এজনক পাণবজাৰৰ এম এম চি এইচত আৰু দুজনক জি এম চি এইচত ভর্তি কৰোৱা হয়৷ আন এজনক আমবাৰীৰ উইণ্ড্র’ব হাস্পতালত প্রাথমিক চিকিৎসা প্রদান কৰাৰ অন্তত যাবলৈ দিয়া হয়৷

আহতসকলৰ ভিতৰত পুৰাতত্ত্ব বিভাগৰ কর্মচাৰী মকলেছ আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ সম্প্রতি আলী জি এম চি এইচত চিকিৎসাধীন হৈ আছে৷ বনৰীয়া গাহৰিৰ আক্রমণত গুৰুতৰভাৱে আহত হোৱা গুৱাহাটী প্রেছ ক্লাবৰ কর্মচাৰী ৰাজেন বাছফৰৰ দেহত ৮৬টা চিলাই পৰে৷ বনৰীয়া গাহৰিৰ আক্রমণত আহতসকলৰ ভিতৰত তিনিজন সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে৷ আমবাৰীত বনৰীয়া গাহৰিয়ে কেইবাজনো লোকক আক্রমণ কৰা ঘটনা সংঘটিত হোৱাৰ পাছতে লতাশিল থানাৰ আৰক্ষী আৰু নাৰেংগী বন বিষয়া কার্যালয়ৰ লোক ঘটনাস্থলীত উপস্থিত হয়৷ ইফালে, বনৰীয়া গাহৰিটোৱে পল্টনবজাৰৰ কালীবাৰী ৰে’লৱে কলনীত আশ্রয় লয়৷ বনৰীয়া গাহৰিটো প্রত্যক্ষ কৰি স্থানীয় ৰাইজে চিঞৰ–বাখৰ কৰাত গাহৰিটোৱে ৰাইজলৈ চোঁচা লয়৷ বনৰীয়া গাহৰিটোৰ আক্রমণত কালীবাৰী ৰে’লৱে কলনীৰ দুজন লোক আহত হয়৷ ইয়াৰ পাছতে উত্তেজিত ৰাইজে হাতে হাতে লাঠী–জোং লৈ বনৰীয়া গাহৰিটো নিধন কৰে৷ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃত বনৰীয়া গাহৰিটোক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷

উল্লেখ্য যে বিগত প্রায় এমাহ ধৰি বানৰ কবলত থকা পবিতৰা অভয়াৰণ্যৰ পৰা এজাক বনৰীয়া গাহৰি পানীত উটি আহি দিশহাৰা হৈ মহানগৰীৰ ভিন্ন স্থানত সোমাই পৰে৷ ইয়াৰে এটা গাহৰি যোৱা ২৩ জুনত উমানন্দ ঘাটত উঠি কাছাৰী বজাৰত প্রৱেশ কৰিছিল৷ ব্যৱসায়ীসকলে বনৰীয়া গাহৰিটো প্রত্যক্ষ কৰি চিঞৰ–বাখৰ কৰাত গাহৰিটোৱে কেইবাখনো দোকান লণ্ডভণ্ড কৰাৰ লগতে এজন গ্রাহকক আক্রমণ কৰি লতাশিল খেলপথাৰত প্রৱেশ কৰে৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে চিঞৰ–বাখৰ কৰাত লতাশিল খেলপথাৰৰ পৰা দীঘলীপুখুৰীৰ পাৰেৰে আমবাৰীৰ দিশে বনৰীয়া গাহৰিটো ধাৱমান হয়৷ তেতিয়াৰে পৰা গাহৰিটোৱে উক্ত অঞ্চলটোৰ বিভিন্ন স্থানত আশ্রয় লৈ আছিল৷ কিছুদিন পূর্বে গাহৰিটোৱে শিলপুখুৰী–চানমাৰি– কেইবাটাও অঞ্চলত উপদ্রৱ চলাইছিল বুলি প্রত্যক্ষদর্শীয়ে জানিবলৈ দিছে৷  

You might also like