নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাৰ প্রচলনৰ বিৰুদ্ধে গীতানগৰত মহিলাৰ প্রতিবাদী সমদল

নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ  গীতানগৰ, নাৰেংগী অঞ্চলৰ পাঁচ শতাধিক মহিলা কর্মকর্তাই লিবাৰেল ডেম’ক্রেটিক পার্টীৰ সহযোগত অঞ্চলটোত চলি থকা অবৈধ সুৰাৰ প্রচলন আৰু প্রশাসনৰ নির্লিপ্ত ভূমিকাৰ বিৰুদ্ধে এক প্রতিবাদী সমদল উলিয়ায়৷ প্রতিবাদী সমদলত অংশ লোৱা মহিলাসকলে অভিযোগ কৰা অনুসৰি নাৰেংগী অঞ্চলত বহুতো পৰিয়াল এতিয়া অবৈধ সুৰা আৰু বিক্রী কার্যত জড়িত হৈ পৰিছে৷ অবৈধ সুৰা এনেকৈ সহজলভ্য হোৱাৰ বাবে অঞ্চলটোৰ বহু পুৰুষ তথা যুৱক সুৰাসক্ত হৈছে৷ ফলত সেই অঞ্চলৰ মহিলাসকলে ঘৰুৱা অশান্তি আৰু হিংসাৰ সন্মুখীন হৈছে৷ একেদৰে যুৱপ্রজন্মই সুৰাপান কৰি নিচাসক্ত হৈ নিজৰ শিক্ষা আৰু ভৱিষ্যৎ ধ্বংস কৰা পৰিলক্ষিত হৈছে৷ এল ডি পিৰ নুনমাটি মণ্ডলৰ সভানেত্রী সৰোজা সিন্হাই অবৈধ সুৰা ব্যৱসায় নিয়ন্ত্রণৰ ক্ষেত্রত চৰকাৰে লোৱা নির্লিপ্ত ভূমিকাৰ সমালোচনা কৰি কয় যে অবৈধ মদৰ ব্যৱসায় অসমৰ ঘৰে ঘৰে এনেভাৱে বিয়পি পৰিছে যে ইতিমধ্যেই ই এক সামাজিক ব্যাধিৰ ৰূপ লৈছে৷ অনুষ্ঠানত জিলা সভানেত্রী দীপালী শইকীয়া, ৱার্ড সভানেত্রী উজলা ঠাকুৰীয়াই যদিহে প্রশাসনে এই বিষয়ত অনতি পলমে বিহিত ব্যৱস্থা গ্রহণ নকৰে তেন্তে নুনমাটি থানা ঘেৰাও কৰাৰ হুংকাৰ দিয়ে৷

You might also like