নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী পৌৰ নিগমৰ নির্বাচনৰ প্রস্তুতি সন্দর্ভত সভা মহানগৰ প্রশাসনৰ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত আজি উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নির্বাচনৰ প্রস্তুতি সন্দর্ভত এখন সভা অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত (নির্বাচন) ড০ ধ্রুৱজ্যেতি হাজৰিকা, পৌৰ সচিব আদিত্য গগৈ, গুৱাহাটী আৰু দিছপুৰ ৰাজহ চক্র বিষয়া তথা অন্যান্য সংশ্লিষ্ট বিষয়াসকল থকা এই সভাত ভোটাৰ তালিকা প্রস্তুতকৰণ, আসন সংৰক্ষণ, ই ভি এম মজুতকৰণ আদি বিভিন্ন বিষয়ে আলোচনা কৰা হয়৷ উল্লেখ্য যে ১১ ফেব্রুৱাৰীত পৌৰ নিগমৰ খচৰা ভোটাৰ তালিকা প্রকাশ পোৱাৰ পিছত এই সম্পর্কে কিবা আপত্তি থাকিলে ভোটাৰসকলে ১৮ ফেব্রুৱাৰীলৈকে আপত্তি জনাব পাৰিব৷ সকলো আপত্তি ২৫ ফেব্রুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰাৰ পিছত ৫ মার্চত প্রকাশ পাব পৌৰ নিগমৰ চূড়ান্ত ভোটাৰ তালিকা৷ আনহাতে, ভোটাৰৰ সুবিধার্থে সভাত উপায়ুক্তগৰাকীয়ে পৌৰ নিগমৰ নির্বাচন সম্পর্কীয় এটা এপৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে৷

You might also like