নিয়মীয়া বার্তা, ৪ আগষ্টঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবে মহানগৰবাসীয়ে ঘৰুৱা আৱর্জনাক লৈ ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে৷ ক’ভিড–১৯ৰ বাবে থকা লকডাউনৰ অচিলা লৈ বিগত ৫ মাহ ধৰি ঘৰে ঘৰে গৈ জাবৰ সংগ্রহ কৰাত গাফিলতি কৰি আহিছে৷ মহানগৰীৰ ৩১টা ৱার্ডত জাবৰ সংগ্রহৰ বাবে গুৱাহাটী পৌৰ নিগমে ৯০টা এন জি অ’ক দায়িত্ব প্রদান কৰি থৈছে৷
কিন্তু পৌৰ নিগম কর্তৃপক্ষই দায়িত্ব প্রদান কৰা এই এন জি অ’সমূহেও লকডাউনৰ সুবিধা গ্রহণ কৰি জাবৰ সংগ্রহ নকৰাত মহানগৰবাসী অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বসবাস কৰিব লগা হৈছে৷ নিয়ম অনুসৰি এন জি অ’সমূহে ঘৰে ঘৰে গৈ প্রতিদিনেই জাবৰ সংগ্রহ কৰিব লাগে৷ কিন্তু বিগত পাঁচটা মাহত মাহেকত দুই–তিনিবাৰহে ঘৰে ঘৰে গৈ জাবৰ সংগ্রহ কৰিছে৷ পৌৰ আয়ুক্তক জাবৰ সংগ্রহ নকৰা বিষয়টো সন্দর্ভত বিভিন্ন ৱার্ডৰ পৰা অভিযোগ দাখিল কৰিছে৷
কিন্তু পৌৰ আয়ুক্তই এইক্ষেত্রত আজিলৈকে কোনো গুৰুত্ব প্রদান কৰা পৰিলক্ষিত নহ’ল৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত প্রতিদিনে ৫৫০ টন আৱর্জনা বিভিন্ন উৎসৰ পৰা ওলায়৷ লকডাউনৰ বাবে এতিয়া প্রতিদিনে ৪০০ৰ পৰা ৪৫০ টন আৱর্জনা সংগ্রহ কৰাৰ তথ্য মনজিৎ বুজৰবৰুৱা নামৰ অভিযন্তাগৰাকীয়ে জানিবলৈ দিছে৷
মাহত তিনি–চাৰি দিন জাবৰ সংগ্রহ কৰিয়েই দায়িত্ব সামৰা পৌৰ নিগম কর্তৃপক্ষই কেনেদৰে এই তথ্য উলিয়ালে সেয়াও ৰহস্যজনক৷ প্রতিদিনে জাবৰ সংগ্রহ নকৰাৰ ফলত ঘৰে ঘৰে এক পূতিগন্ধময় পৰিৱেশ সৃষ্টি হৈছে৷ ক’ভিড মহামাৰীৰ এই জটিল ক্ষণত জি এম চি কর্তৃপক্ষই জাবৰ সংগ্রহত কৰা গাফিলতিৰ উচিত তদন্ত বিচাৰিছে মহানগৰবাসীয়ে৷