নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী পৌৰ নিগমৰ চাফাই কর্মীৰ ধর্মঘট স্থগিত

লকডাউনত জিএমচিএইচৰ চাফাই কর্মীৰ এমাহৰ দৰমহা কর্তন

নিয়মীয়া বাৰ্তা, ১৬ মে’ : ক’ৰোনা মহামাৰী ৰোধৰ বাবে চলাই থকা লকডাউনৰ মাজতে গুৱাহাটী পৌৰ নিগমৰ চাফাই কর্মচাৰীসকলক এপ্রিল মাহৰ দৰমহা কর্তনৰ প্রতিবাদত অহা ১৮ মে’ৰ পৰা সদৌ অসম হৰিজন মজদুৰ ইউনিয়নে ধর্মঘটৰ কার্যসূচী গ্রহণ কৰিছিল যদিও এই ধর্মঘট সাময়িকভাৱে প্রত্যাহাৰ কৰা হৈছে ৷ ইউনিয়নৰ সম্পাদক দীননাথ বাছফৰে এক বিবৃতিত কয় যে  জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱা হিচাপে স্বীকৃত চাফাই কর্মচাৰীসকলে স্বাস্থ্য সুৰক্ষাৰ পর্যাপ্ত সুবিধা অবিহনেই সামাজিক দায়বদ্ধতা প্রদর্শন কৰি সেৱা আগবঢ়াই আহিছিল ৷ অথচ অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ বিষয়া–কর্মচাৰীয়ে লাভ কৰা প্রধানমন্ত্রী বীমা আঁচনিৰ পৰা চাফাই কর্মচাৰীসকল আজিকোপতি বঞ্চিত হৈ আছে ৷ ইয়াৰ মাজতে যোৱা এপ্রিল মাহৰ দৰমহা নিজৰ ইচ্ছামতে কর্তন কৰিলে গুৱাহাটী পৌৰ নিগমে ৷ লকডাউন কালত কোনো কর্মচাৰীৰ বিশেষকৈ অত্যাৱশ্যকীয় সেৱাৰ কর্মচাৰীৰ দৰমহা কর্তন নকৰিবলৈ কেন্দ্রীয় শ্রম মন্ত্রালয়ে নির্দেশ জাৰি কৰা সত্ত্বেও গুৱাহাটী পৌৰ নিগমে অমানৱীয়ভাৱে দৰমহা কর্তন কৰে ৷

হৰিজন মজদুৰ ইউনিয়নৰ ধর্মঘটৰ জাননী পাই পৌৰ নিগম কর্তৃপক্ষৰ গা লৰে আৰু জাননী লাভৰ পিছদিনাই পৌৰ নিগমৰ চাৰিটা ইউনিয়নৰ এখন সভা আহ্বান কৰে৷ সভাত পৌৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা, অতিৰিক্ত আয়ুক্ত দ্বিজেন সিং, মুখ্য অভিযন্তা দেৱজিৎ দাস, যুটীয়া আয়ুক্ত পুলক মহন্ত, কনজাৰভেন্সী অভিযন্তা মনজিৎ বুজৰবৰুৱা পৌৰ নিগম পক্ষৰ পৰা উপস্থিত থাকে৷ সদৌ অসম হৰিজন মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক দীননাথ বাছফৰে পৌৰ নিগমৰ গেৰেজৰ কর্মচাৰী, ড্রাইভাৰ আৰু চাফাই কর্মচাৰীসকলৰ দৰমহা কর্তনক কঠোৰ সমালোচনা কৰে৷ গুৱাহাটী মহানগৰীখন লকডাউন কালত পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্রত চাফাই কর্মচাৰীসকলৰ ভূমিকাৰ কথা উল্লেখ কৰে আৰু দৰমহা কর্তনৰ আদেশ প্রত্যাহাৰ কৰি কর্তন কৰা ধন তিনি দিনৰ ভিতৰত আদায় দিবলৈ দাবী জনায়৷ সকলো দিশ আলোচনা কৰি পৌৰ আয়ুক্তই দৰমহা কর্তনৰ আদেশ প্রত্যাহাৰ কৰিবলৈ সন্মত হয় আৰু কর্তন কৰা দৰমহা শীঘ্রেই কর্মচাৰীসকলক ঘূৰাই দিবলৈ প্রতিশ্রুতি আগবঢ়ায়৷ সভাৰ অনুকূল সিদ্ধান্তৰ পৰিপ্রেক্ষিতত ১৮ মে’ৰ পৰা আৰম্ভ কৰিবলগীয়া ধর্মঘট সাময়িকভাৱে উঠাই ল’বলৈ হৰিজন মজদুৰ ইউনিয়ন সন্মত হয় ৷

You might also like