জিএমচিএইচত প্রসূতি বিভাগত নিৰাপত্তাৰক্ষীৰে হতাহতি; গৃহৰক্ষীৰ আক্রমণত মূৰ ফালিল যুৱকৰ
নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ মহানগৰীৰ ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ জি এম চি এইচৰ প্রসূতি বিভাগৰ প্রৱেশদ্বাৰৰ ওচৰত বিয়লি ৪.৪৫ বজাত নিৰাপত্তাৰ দায়িত্বত থকা এজন গৃহৰক্ষী জোৱানে সাধাৰণ কথাক লৈ হোৱা কাজিয়াৰ পৰিণতিত এজন যুৱকৰ মূৰ ফালি দিয়ে৷ এই ঘটনাই হাস্পতালখনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে৷
ঘটনা সন্দর্ভত ভঙাগড় আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, মহানগৰীৰ এন ই এফ আইন মহাবিদ্যালয়ৰ ৰাজেশ ছেত্রী নামৰ ছাত্রজনে মহাবিদ্যালয়খনৰ আন এজন ছাত্রৰ সৈতে আজি জি এম চি এইচৰ প্রসূতি বিভাগৰ ভিতৰত প্রৱেশ কৰে৷ সেই সময়ত গৃহৰক্ষী জোৱান পদ্ম কলিতাই থার্মেল স্কেনাৰেৰে উষ্ণতা জোখাৰ বাবে ছাত্র দুজনক ৰ’বলৈ কয়৷ গৃহৰক্ষী কলিতাই দুয়োৰে উষ্ণতা জুখিবলৈ লয় যদিও থার্মেল স্কেনাৰত বেটাৰী নাছিল৷ ইয়াকে লৈ ৰাজেশ ছেত্রী ক্ষুণ্ণ হৈ পৰে৷ লগতে নিজকে সাংবাদিক বুলি পৰিচয় দি ৰাজেশ ছেত্রীয়ে ম’বাইল ফোনেৰে পদ্ম কলিতাৰ ফটো উঠায়৷ ৰাজেশে আনকি হাস্পতালখনৰ অধীক্ষকক মাতিবলৈ দিয়ে আৰু কলিতাৰ বিৰুদ্ধে অভিযোগ দিব বুলি কয়৷ গৃহৰক্ষী কলিতাই তাত হুলস্থূল নকৰিবলৈ ৰাজেশক সকীয়াই দিয়ে আৰু কিবা অভিযোগ থাকিলে অধীক্ষকৰ কার্যালয়ত গৈ অভিযোগ দিবলৈ কয়৷ এই কথাক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্রপাত হয়৷
ইয়াৰ পিছতে দুয়োৰে মাজত হতাহতি লাগে৷ ৰাজেশে গৃহৰক্ষী পদ্মৰ চোলাৰ ক’লাৰত ধৰি ফালি দিয়ে৷ ইয়াৰ পিছতে পদ্মই খঙতে ৰাজেশক গঁতিয়াই দিয়ে৷ ফলত ৰাজেশৰ প্রৱেশদ্বাৰৰ গ্রীলত খুন্দা খাই মূৰ ফালি যায়৷ এই ঘটনাত পদ্ময়ো কিছু পৰিমাণে আঘাত পায়৷ সেই সময়ত হাস্পতালত থকা আন গৃহৰক্ষীয়ে আহি ৰাজেশক ধৰি ভঙাগড় থানালৈ নিয়ে৷ থানাত সোধা–পোছা কৰাত গম পোৱা যায় যে ৰাজেশ সাংবাদিক নহয়৷ বিপৰীতে ৰাজেশে আইনৰ ছাত্র হিচাপে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ইণ্টার্নশ্বিপ কৰি আছে৷ তেওঁৰ লগত যোৱা যুৱকজনে নিজকে এজন অধিবক্তা বুলি পৰিচয় দিয়ে৷ এই ঘটনাৰ পিছতে পদ্ম কলিতাই ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰে৷ ইফালে, ঘটনা সন্দর্ভত ৰাজেশেও এখন এজাহাৰ দাখিল কৰে৷ ভঙাগড় আৰক্ষীয়ে জনোৱা মতে, ৰাজেশে কি কাৰণে জি এম চি এইচৰ প্রসূতি বিভাগত সোমাব বিচাৰিছিল, সেয়া জানিব পৰা নাই যদিও আৰক্ষীয়ে ঘটনা সন্দর্ভত অনুসন্ধান আৰম্ভ কৰিছে৷