নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচৰ ৰেডি’ল’জী বিভাগত অগ্নকিাণ্ড

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জিএমচিএইচ)শুকুৰবাৰে দুপৰীয়া সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড ৷ হাস্পতালখনৰ ৰেডি’লজী বিভাগত দিনৰ প্রায় ১২.৩০ বজাত সংঘটিত এই অগ্নিক কাণ্ডৰ ফলত হুৱাদুৱা লাগে চিকিৎসক–নার্ছ আৰু ৰোগীসকলৰ মাজত৷ অৱশ্যে ঘটনা সংঘটিত হোৱাৰ লগে লগে খবৰ দিয়া হয় অগ্ণিনির্বাপক বাহিনীক৷ ততালিকে অগ্নিনির্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নির্বাপনৈ কৰে৷ বিভাগটোৰ কম্পিউটাৰলৈ বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে৷ অগ্নিকাণ্ডৰ ফলত হাস্পতালখনৰ কম্পিউটাৰলৈ বিদ্যুৎ পৰিবাহী ব্যৱস্থাৰ ক্ষতি হোৱাৰ লগতে বহুসংখ্যক নথি–পত্র ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে ঘটনা সন্দর্ভত হাস্পতালখনৰ অধীক্ষকে তদন্তৰ নির্দেশ দিছে বুলি জানিব পৰা গৈছে৷

You might also like