নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গণৰাজ্য দিৱস পালন

নিয়মীয়া বাৰ্তা  ২৭ জানুৱাৰী : গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত ২৬ জানুৱাৰীত ৭৩ সংখ্যক গনৰাজ্য দিৱস পালন কৰা হয়। পুৱা ৯ বজাত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰঝাৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই । চমু ভাষণত উৎপল বৰুৱাই লোকপ্ৰিয় বিমানবন্দৰত কৰ্মৰত বিভিন্ন বিভাগৰ সকলো কৰ্মচাৰীকে একগোট হৈ বিমানকোঠটোৰ প্ৰগতিৰ কামত হাত আগবঢ়াবলৈ আহ্বান জনায় । কাৰ্যসূচীত বিমানকোঠ পৰিচালনা প্ৰতিষ্ঠানৰ বিষয়া – কৰ্মচাৰী উপস্থিত থাকে । কাৰ্যসূচীৰ লগত সংগতি ৰাখি সুৰক্ষা কৰ্মী সকলে সুৰক্ষা কাৰ্যত নিয়োগ হোৱা ‘স্নিফাৰ ডগ’ৰ কলা কৌশলৰ ওপৰত এক অনুষ্ঠান পৰিবেশন কৰা হয় । তেনেদৰে বিমান বন্দৰৰ সুৰক্ষাৰ দায়িত্বত থকা কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চি আই এচ এফে আয়োজন কৰা ‘গাৰ্ড অফ অনাৰ’ পৰিদৰ্শন কৰে বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা আৰু সুৰক্ষা বিভাগৰ মুৰব্বী এল এন ঠাকুৰে । উল্লেখযোগ্য যে ‘জে চি আই গুৱাহাটী’ নামৰ এন জি অ সংস্থাটোৱে বিমান বন্দৰ চৌহদত গণৰাজ্য দিৱস উপলক্ষে দিনজোৰাকৈ এক ৰক্তদান শিবিৰৰ আয়োজন কৰে।

You might also like