নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত অনুষ্ঠিত হ’ব ৰঙালী বিহু

গুৱাহাটী বিহু সন্মিলন

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্র আৰু দুটা মাহ৷ এইবাৰ উলহ–মালহেৰে ৰঙালী বিহু উদ্যাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমিতিয়ে৷ যোৱা ৩১ জানুৱাৰীত গুৱাহাটী মহানগৰীৰ সমূহ বিহু সমিতিৰ উপস্থিতিত হোৱা সভাই এইবাৰ ৰঙালী বিহু উদ্যাপনৰ সিদ্ধান্ত গ্রহণ কৰে৷ প্রত্যেকখন বিহু সমিতিকে নিজা সামর্থ্য অনুযায়ী বিহুৰ প্রস্তুতি চলাবলৈও সভাত সিদ্ধান্ত গ্রহণ কৰা হয়৷ উক্ত সভাতে বিহু সমিতিসমূহক থলুৱা শিল্পীৰ লগতে লোককলা–কৃষ্টিক অগ্রাধিকাৰ দিবলৈ আহ্বান জনায়৷ আজি গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনীৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰঞ্জন বৰা আৰু সাধাৰণ সম্পাদক প্রিন্স ফাইজুল হকে এই কথা সদৰী কৰে৷ উল্লেখ্য যে বিগত বর্ষত ক’ৰোনা মহামাৰীসৃষ্ট পৰিৱেশৰ বাবে বাপতিসাহোন ৰঙালী বিহু অনুষ্টুপীয়াকৈ কেৱল পতাকা উত্তোলনেৰে উদ্যাপন কৰিছিল বিহু সমিতিসমূহে৷ ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ বাবে চৰকাৰৰ নীতি–নির্দেশনা মানি বিগত বর্ষত ৰঙালী বিহু অনুষ্টুপীয়াকৈ উদ্যাপন কৰিবলগীয়া হৈছিল৷ সেয়েহে সমাগত ৰঙালী বিহু সামর্থ্য অনুযায়ী থলুৱা শিল্পী, লোককলা, সংস্কৃতিক প্রাধান্য দি বিহু সমিতিসমূহক উদ্যাপন কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলোৰে সহায়–সহযোগিতা বিচাৰিছে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে৷

You might also like