গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ধঁপাতৰ মুকলি বেহা
- দুর্বিষহ যন্ত্রণাত দিন পাৰ কৰিছে কয়দীয়ে
- নিম্নমানৰ খাদ্য–বিশুদ্ধ খোৱাপানীৰ অভাৱ
নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত দুর্বিষহ যন্ত্রণাত কয়দীসকলে দিন পাৰ কৰিবলগীয়া হৈছে৷ কেন্দ্রীয় কাৰাগাৰত কয়দীৰ বাবে নাই পর্যাপ্ত সা–সুবিধা৷ ৭০০জন কয়দী ৰাখিব পৰা গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত বর্তমান ১,৫০০জন কয়দীক ৰাখিবলগীয়া হৈছে৷ ৩০০–৪০০ বর্গফুটৰ একোটা কোঠাত ৪০–৫৫জন কয়দীক একেলগে ৰাখিছে জে’ল কর্তৃপক্ষই৷ আজি গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এক সংবাদ মেলত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত চলি থকা দুর্নীতি, অনিয়ম আৰু কয়দীসকলে সন্মুখীন হৈ অহা অসুবিধাসমূহৰ ভয়াৱহ তথ্য উন্মোচিত কৰে জেলফেৰৎ দুই হাজোতীয়ে৷
কৃষক আন্দোলনৰ ট্রেক্টৰ পেৰেডত অংশগ্রহণ কৰাৰ অপৰাধত ১৫ দিনৰ কাৰাবাস খটা দুই হাজোতী নিখিল ভাৰত কৃষক সভাৰ সাধাৰণ সম্পাদক দীনেশ দাস আৰু সহকাৰী সম্পাদক জয়ন্ত গগৈয়ে সংবাদ মেলত কাৰাগাৰত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে সংবাদ মেলত সদৰী কৰে৷ সংবাদ মেলত জেলফেৰৎ দুই হাজোতীয়ে কয় যে কেন্দ্রীয় কাৰাগাৰ কর্তৃপক্ষই কয়দীসকলক লৈ এখন বজাৰ চলাই আহিছে৷ যিসকল কয়দীৰ আত্মীয়ই কর্মচাৰীক ধন দিয়ে, সেইসকলক ৰাজকীয় আতিথ্য প্রদান কৰে৷ ধনৰ বিনিময়ত ৰাজআতিথ্য লৈ দুর্নীতিত অভিযুক্ত ৰাকেশ পাল, পি কে দত্ত, পিণ্টু শ্বাহকে ধৰি বহু দাগী অপৰাধীয়ে কাৰাগাৰত দিন পাৰ কৰিছে৷ কাৰাগাৰত সাধাৰণ কয়দীসকলৰ বাবে লেতেৰা কম্বল, ফটা–ছিঙা আঁঠুৱা আৰু ছিলভাৰৰ থাল যোগান ধৰে কাৰাগাৰ কর্তৃপক্ষই৷ সাধাৰণ কয়দীসকলক কাৰাগাৰ কর্তৃপক্ষই নিম্নমানৰ খাদ্য যোগান ধৰি অহাৰ অভিযোগ উত্থাপন কৰে দুই হাজোতীয়ে৷
জে’ল কর্তৃপক্ষক মেনেজ কৰি একাংশ কয়দীয়ে চাধা–বিড়ি–ধঁপাত মুকলিকৈ সেৱন কৰি আহিছে৷ ৫ টকাৰ চাধা আৰু চিগাৰেট পেকেটৰ দাম জে’লত ৫০০লৈকে লয় জে’লৰ কর্মচাৰীয়ে৷ দীর্ঘদিন ধৰি গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত একাংশ কর্মচাৰীয়ে এই ছিণ্ডিকেট চলাই অহাৰো অভিযোগ উত্থাপন কৰে দুই হাজোতীয়ে৷ আজি সংবাদ মেলৰ জৰিয়তে নিখিল ভাৰত কৃষক মহাসভাৰ সাধাৰণ সম্পাদক দীনেশ দাসে ৰাজ্য চৰকাৰক জে’লত উন্নতমানৰ স্বাস্থ্যসন্মত খাদ্য যোগান, পুৱা, আবেলি আৰু নিশাৰ ভাগত চাহৰ ব্যৱস্থা কৰা, প্রতিটো ৰুমত বিশুদ্ধ খোৱাপানী যোগান ধৰা, জে’লত পর্যাপ্ত ৰুমৰ ব্যৱস্থা কৰা, মহিলা কয়দীৰ বাবে স্ত্রীৰোগ বিশেষজ্ঞৰ ব্যৱস্থা কৰা, কয়দীৰ ভাট্টা ৫৫ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰা, জে’লৰ কর্মচাৰীয়ে চলাই থকা ধঁপাতৰ ছিণ্ডিকেট বন্ধ কৰাৰ বাবে দাবী জনায়৷