মহানগৰীত উলহ মালহেৰে বৰদিন উদযাপন
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ সমগ্র বিশ্ব তথা দেশ আৰু ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উলহ–মালহেৰে খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে উদযাপন কৰিলে পৱিত্র বৰদিন৷ পৰম্পৰা ৰক্ষা কৰি গির্জাসমূহত ক’ভিড প্রট’কল মানি উদযাপন কৰা হয় পৱিত্র বৰদিন৷ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ বাবে পূর্বৰ উছাহ নাই যদিও পাণবজাৰ, খ্রীষ্টানবস্তি, ৰুক্মিণীগাঁও, বেলতলা, চন্দ্রপুৰৰ পাণবাৰী, মিছামাৰী, নলঘুলি, অৰণ্যনগৰ আৰু গোৱর্ধনকে ধৰি বিভিন্ন স্থানৰ গির্জাঘৰত বৰদিন উদযাপন কৰা হয়৷
গুৱাহাটী মহানগৰীৰ গির্জাঘৰসমূহত খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে পুৱাৰে পৰা ভিৰ কৰে৷ বৰদিন উপলক্ষে মহানগৰীৰ পার্ক, শ্বপিং মল, হোটেল, ৰোস্তাৰাঁসমূহতো মানুহৰ ভিৰ পৰিলক্ষিত হয়৷ বৰদিন উপলক্ষে মহানগৰবাসীয়ে স্বতঃর্স্ফূতভাৱে ওলাই অহাত মহানগৰীৰ বিভিন্ন পথত তীব্র যান–জঁট সৃষ্টি হয়৷
ইফালে, চন্দ্রপুৰ অঞ্চলৰ গির্জাঘৰসমূহত কেৱল স্থানীয় খ্রীষ্টানধর্মী লোকসকলে সামাজিক দূৰত্বৰ নিয়ম মানি চলি উপাসনাৰ জৰিয়তে সামৰণি মাৰিছে খ্রীষ্টমাছ দিৱসৰ কার্যসূচী৷ মূলতঃ ক’ৰোনা সংকটৰ পৰিপ্রেক্ষিতত প্রথমবাৰৰ বাবে অনাড়ম্বৰভাৱে চন্দ্রপুৰৰ গির্জাসমূহত এইবাৰ পালন কৰা হয় পৱিত্র খ্রীষ্টমাছ৷