নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ গুৱাহাটীত বাহৰ পাতি ড্রাগ্ছৰ ৰমৰমীয়া বেহা চলাই আহিছে ড্রাগ্ছ ব্যৱসায়ী চক্রই৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ যোৱানিশা মহানগৰ আৰক্ষীয়ে কেইবাটাও স্থানত অভিযান চলাই ১৯ গ্রাম ড্রাগ্ছসহ চাৰি ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা অভিযানত মফিজুল আলী, আতিফ আলী, তফিক আলী আৰু শ্বাহৰুখ খানক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ড্রাগ্ছ ব্যৱসায়ীকেইটাৰ পৰা আৰক্ষীয়ে এএছ–০১ পিডি–৮১৭৩ নম্বৰৰ এখন বাহন, চাৰিটা ম’বাইল আৰু চাবোনৰ বাকচত ভৰাই অনা ড্রাগ্ছৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা ড্রাগ্ছখিনি ব্রাউন ছুগাৰ বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ লকডাউনৰ সময়ছোৱাত ব্যৱসায়ী মফিজুল আৰু শ্বাহৰুখে ড্রাগ্ছৰ হোম ডেলিভাৰী কৰিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷ সম্প্রতি ধৃত ড্রাগ্ছ ব্যৱসায়ীকেইটাক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ শীঘ্রে এই ড্রাগ্ছ ব্যৱসায়ী চক্রটোৰ লগত জড়িত কেইবাজনো ব্যৱসায়ীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷