নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড ধুমুহাত কাছাৰীত উভালিল গছ–৭টা বৈদ্যুতিক খুঁটা

নিয়মীয়া বাৰ্তা ১৭ মেঃ দেওবাৰে নিশা অহা প্রচণ্ড বতাহ–বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতি হয়৷ বতাহ–বৰষুণৰ ফলত আজি পুৱতি নিশা কাছাৰীত এজোপা বিশাল গছ উভালি পৰাৰ লগতে সাতটাকৈ বিদ্যুতৰ খুঁটা পথৰ ওপৰতে বাগৰি পৰে৷ সান্ধ্য আইন বলৱৎ থকাৰ বাবে এই ঘটনাত সৌভাগ্যক্রমে কোনো লোক হতাহত নহ’ল৷

গছ আৰু বিদ্যুতৰ খুঁটা বাগৰি পৰাত দেওবাৰে পুৱাৰে পৰা এম জি ৰোডেৰে যাতায়াত বন্ধ হৈ পৰে৷ অৱশ্যে মহানগৰ প্রশাসনে পুৱাৰে পৰা বিয়লি প্রায় ৫ বজালৈকে চলোৱা চেষ্টাৰ অন্তত পথটো মুকলি কৰে৷ ইফালে বিদ্যুৎ বিভাগৰ লোকেও ক্ষিপ্রতাৰে বাগৰি পৰা বিদ্যুতৰ খুঁটাকেইটা মেৰামতি কৰি বিদ্যুৎ সংযোগ প্রদান কৰে৷

You might also like