গুৱাহাটীৰ পৰা গোপনে সৰবৰাহ কোটি টকাৰ আতচবাজী
মহানগৰীত ফট্কা বিক্রীত নিষেধাজ্ঞাৰ পাছতে তৎপৰ অসাধু ব্যৱসায়ী
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ ক’ৰোনা সৃষ্ট পৰিৱেশ আৰু প্রদূষণৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে দেশৰ বহুকেইখন ৰাজ্যত ফট্কা আৰু আতচবাজী সম্পূর্ণৰূপে নিষিদ্ধ কৰাৰ লগতে ১৮খন ৰাজ্যলৈ জাননী জাৰি কৰিছে৷ দীপাৱলীৰ ফট্কা আৰু আতচবাজীৰ পৰা সৃষ্টি হোৱা প্রদূষণে শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনীয়তাৰ প্রতি লক্ষ্য ৰাখি সেউজ ন্যায়াধিকৰণে জাননী জাৰি কৰিছে৷ কালি অসম ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ ব’র্ডে গুৱাহাটী মহানগৰীত অহা ১ ডিচেম্বৰলৈকে আতচবাজীৰ প্রদর্শন আৰু বিক্রীৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে৷ প্রদূষণ নিয়ন্ত্রণ ব’র্ডে জাৰি কৰা নির্দেশনাৰ পাছতে ফট্কা–আতচবাজী ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তথ্য অনুসৰি গুৱাহাটী মহানগৰীৰ ১৩জন ফট্কা, আতচবাজীৰ ব্যৱসায়ীয়ে শিৱকাশি আৰু কলকাতাৰ পৰা কেইবা কোটি টকাৰ আতচবাজী ক্রয় কৰিছিল৷ প্রদূষণ নিয়ন্ত্রণ ব’ডৰ নিষেধাজ্ঞাৰ পাছতে দীপাৱলীত বিক্রীৰ বাবে অনা কোটি কোটি টকাৰ ফট্কা কালি নিশাৰে পৰা আৰক্ষীক মেনেজ কৰি ৰাজ্যৰ বিভিন্ন স্থানত বিক্রীৰ বাবে গোপনে সৰবৰাহ কৰিছে আতচবাজীৰ ব্যৱসায়ীসকলে৷ প্রাপ্ত তথ্য অনুসৰি গুৱাহাটী মহানগৰীত অনুজ্ঞাপত্র থকা সাতজন আতচবাজীৰ ব্যৱসায়ী আছে৷ এইকেইগৰাকী ব্যৱসায়ীৰ বাহিৰে আন ছগৰাকী অবৈধ ফট্কাৰ ব্যৱসায়ীয়ে নগাঁও, নলবাৰী, বৰপেটা, মঙলদৈ, কোকৰাঝাৰ, গোৱালপাৰা, ধুবুৰীকে ধৰি বিভিন্ন জিলালৈ গোপনে কোটি কোটি টকাৰ ফট্কা আৰু আতচবাজী নিশাৰ ভিতৰতে সৰবৰাহ কৰে৷ কৰফাঁকিৰে ফট্কা মজুত কৰি ৰখা এই অবৈধ ব্যৱসায়ীকেইজনে আৰক্ষীৰ সহযোগত গুৱাহাটী আৰু আমিনগাঁৱৰ গুদামৰ পৰা আতচবাজী সৰবৰাহ কৰাক লৈ আৰক্ষীৰ ভিতৰচ’ৰাতো তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ প্রতিবছৰে এনেদৰে কৰফাঁকিৰে দীপাৱলীৰ সুযোগ লৈ কোটি কোটি টকাৰ মুনাফা আদায় কৰা এই ব্যৱসায়ীসকলে আনকি বিগত এমাহ ধৰি গুৱাহাটীৰ কেইবাহাজাৰ ক্ষুদ্র ব্যৱসায়ীক গোপনে ফট্কা, আতচবাজী বিক্রী কৰি আহিছিল৷ ইফালে, গুৱাহাটীৰ বজাৰত দীপাৱলীৰ প্রাক্ক্ষণত চীনৰ পৰা আমদানি কৰা চিকমিকিয়া লাইটেৰেও বজাৰ ভৰি পৰিছে৷ গুৱাহাটীত অবৈধভাৱে ফট্কা বিক্রী কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে আৰক্ষী প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷