নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰবাৰী চাৰিআলিত ই–ৰিক্সাচালক সন্থাৰ উত্তাল প্রতিবাদ

মহানগৰীৰ ৰাজপথত মেজিকচালকৰ দৌৰাত্ম্য–বৈধ পার্কিং

নিয়মীয়া বাৰ্তা ১২ নৱেনম্বৰঃ গুৱাহাটী মহানগৰীত যান–বাহন আইন উলংঘাৰে মেজিকচালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ মেজিকচালকৰ দৌৰাত্ম্যৰ বাবে মহানগৰীৰ বহুকেইটা পথত তীব্র যান–জঁটৰ সৃষ্টি হৈছে৷ মেজিকচালকৰ উপদ্রৱৰ বাবেই মহানগৰীৰ বিভিন্ন পথত চলাচল কৰা ই–ৰিক্সাচালকসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ পৰিবহণ বিভাগৰ অনুমতিসাপেক্ষে মহানগৰীৰ বিভিন্ন পথত ই–ৰিক্সা চলাই নিবনুৱা যুৱক–যুৱতীসকলে পৰিয়াল পোহপাল দি আহিছে৷ পৰিবহণ বিভাগৰ অনুমতি থকা সত্ত্বেও ই–ৰিক্সাচালকসকলে মেজিকচালকসকলৰ পৰা বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈ আহিছে৷ মেজিকচালকসকলে য’তে–ত’তে পার্কিং কৰাৰ ফলত বহুকেইটা পথত তীব্র যান–জঁটৰ সৃষ্টি হৈ আহিছে৷ মেজিকচালকৰ দৌৰাত্ম্যৰ বাবেই ই–ৰিক্সাচালকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ই–ৰিক্সাচালকসকলে সন্মুখীন হোৱা অসুবিধাসমূহ শীঘ্রে সমাধান কৰাৰ দাবীত আজি বৰবাৰী চাৰিআলিত প্রতিবাদ সাব্যস্ত কৰে৷ শতাধিক ই–ৰিক্সাচালকে হাতে হাতে বেনাৰ–পোষ্টাৰ লৈ বৰবাৰীত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ ই–ৰিক্সাচালকসকলে মেজিকচালকসকলৰ বিৰুদ্ধে অবৈধভাৱে য’তে–ত’তে পার্কিং কৰাৰ অভিযোগ উত্থাপন কৰে৷ মেজিকচালকসকলে অবৈধভাৱে কৰা পার্কিঙৰ বাবে মহানগৰীৰ বিভিন্ন পথত তীব্র যান–জঁটৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলি ই–ৰিক্সাচালকসকলে পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীক শীঘ্রে এইক্ষেত্রত ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰে৷ অন্যথা পৰৱর্তী সময়ত ইয়াতকৈও ভয়াৱহ আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ হুংকাৰ দিয়ে৷

You might also like