নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী–যোৰহাটৰ মাজত ৰে’লসেৱা আৰম্ভ

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ অৱশেষত অসম চৰকাৰে আনলকৰ ক্ষেত্রত থকা নীতি–নিয়ম ১৭ আগষ্টৰ পৰা কিছু শিথিল কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বাবে উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই বহুদিনৰ বিৰতিৰ অন্তত গুৱাহাটী আৰু যোৰহাটৰ মাজত চলাচল কৰা জনশতাব্দী এক্সপ্রেছৰ যাত্রা আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন্দ্র ভট্টাচার্যই জানিবলৈ দিয়া মতে নতুন সূচী অনুসৰি এতিয়া ০২০৬৭/০২০৬৮ গুৱাহাটী–যোৰহাট টাউন–গুৱাহাটী জনশতাব্দী বিশেষ ৰে’লখন সোমবাৰৰ পৰা শুকুৰবাৰলৈ পাঁচ দিন চলাচল কৰিব৷ পুৱা ৬.৩০ বজাত গুৱাহাটীৰ পৰা যাত্রা আৰম্ভ কৰা ৰে’লখন বিয়লি ডেৰ বজাত গৈ যোৰহাট পাব৷ তেনেদৰে বিয়লি ২.৩০বজাত ৰে’লখন পুনৰ গুৱাহাটীলৈ উভতি আহিব৷ ৰাজ্য চৰকাৰে শনিবাৰ আৰু দেওবাৰ সাপ্তাহিক বন্ধ ঘোষণা কৰাৰবাবে এতিয়া ৰে’লখন পাঁচদিন চলাচল কৰিব৷

You might also like