নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিপট্টা দিয়াৰ নামত গুৱাহাটীত দালালৰাজ

নুনমাটি–নাৰেংগী–গোপ্ নগৰ–শালবাৰী–কৈল নগৰত ভূমিহীনৰ পৰা ৫০০–১০০০ টকা সংগ্রহ

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ বিপৰীতে খোদ মহানগৰীত অব্যাহত আছে মাটিৰ দালালৰ দপ্দপনি৷ মাটিৰ পট্টা দিয়াৰ নামত নুনমাটি–নাংৰেগীৰ হত্তৰ অঞ্চলত দালালে আৰম্ভ কৰিছে ভিন্ন কৌশল৷ খাটি খোৱা স্বসাধাৰণক মাটিৰ পট্টা দিয়াৰ গইনা লৈ প্রথমে দালালে এফিডেৱিট নোৱাৰ নামত এজন লোকৰ পৰা সংগ্রহ কৰিছে ৫০০ৰ পৰা ১০০০ টকাকৈ৷ তদুপৰি মাটিৰ দাগ নং চোৱা আৰু পট্টা নম্বৰ উলিয়াই দিয়াৰ উদ্দেশ্যৰে এই দাদাল চক্রই নুনমাটিৰ গোপাল নগৰ, শাল্বাৰী, ছেক্টৰ–১কে ধৰি বিভিন্ন প্রান্তৰ পৰা সংগ্রহ কৰিছে বৃহৎ পৰিমাণৰ ধন৷ এই দালালচক্রক সম্পূর্ণ সহায়–সহযোগিতা আগ্বঢ়াইছে একাংশ নগৰ উন্নয়ন সমিতিয়ে৷ অভিযোগ অনুসৰি এই নগৰ সমিতিসমূহে ভূমিৰ পট্টা দিয়াৰ নামত দালালৰ লগত সহযোগিতা আগবঢ়াই দিছে হাজাৰ হাজাৰ আেবদন পত্র৷

একোখন আবেদন পত্রৰ নামত সংগ্রহ কৰিছে ৫০ৰ পৰা ১০০ টকা৷ সমান্তৰালভাৱে ভূমি পট্টাৰ কাম সম্পূর্ণ কৰিলে এটা পৰিয়ালে এই দালাল চক্রক ৫ হাজাৰৰ পৰা ১৫,০০০ টকা দ্বি লাগ্বি লিও অভিযোগ উত্থাপিত হৈছে৷

উল্লেখযোগ্য যে, নুনমাটি, নাৰেংগী অঞ্চলত থকা ২২খনকৈ উন্নয়ন সমিতিৰ বিপৰীতে দালাল চক্রক সম্পূর্ণ সহযোগিতা আগ্বঢ়াইছে পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে৷ অভিযোগ অনুসৰি পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে ৭ ছেপ্টেম্বৰ আবেদন পত্র জমা দিয়াৰ শেষ সীমা বান্ধি দি শ–শ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে চৰকাৰে কোনো ধৰণৰ সময় সীমা বান্ধি দিয়াৰ বিপৰীতে মাটিৰ ক্বুলা আদায়ৰ আেবদনৰ তাৰিখ বান্ধি দি একাংশ দালালে সংগ্রহ কৰিছে হাজাৰ হাজাৰ টকা৷

উল্লেখযোগ্য যে, দালালক প্রশ্রয় নিদিয়াকৈ কাম কৰাৰ অংগীকাৰ লৈছে কৈলাস নগৰ উন্নয়ন সমিতিয়ে৷দালালৰাজৰ পৰিৱর্তে মুখ্যমন্ত্রীৰ নির্দেশ মতেই কৈলাস নগৰ কমিটীয়ে ভূমি পট্টাৰ কাম কৰ্বি লিও স্পষ্ট কৰিছে৷খোদ ৰাজধানী চহৰতে ভূমিৰ পট্টা দিয়াৰ নামত চলা দালালৰাজ উৎখাত কৰ্বিলৈ প্রশাসনে বিহিত ৱস্থা গ্রহণ কৰ্বিনে বুলি অঞ্চলটোৰ বাসিন্দাসকলে প্রশ্ণ উত্থাপন কৰে৷

You might also like