নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উলুবাৰী–কছাৰীবস্তি– অবৈধ সুৰাসহ তিনিজনক আটক

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীক চুলাই মদ মুক্ত কৰাৰ লক্ষ্যৰে আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত গুৱাহাটী সদৰৰ আটাইকেইটা আবকাৰী চক্র পৰিদর্শকৰ কার্যালয়ে বিগত সময়ছোৱাত চুলাই মদৰ উপৰি দেশী–িবদেশী বৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে৷

আনহাতে কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নির্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আবকাৰী চক্রই যৌথভাৱে এক অভিযান চলায়৷ আবকাৰী বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি উলুবাৰী কছাৰীবস্তি, ফটাশিল আম্বাৰী হৰিজন কলনী, ভূতনাথ, আঠগাঁও, উজান জাৰ, নাৰিকল্বস্তি আৰু জাপৰিগোগ আদিত চলোৱা অভিযানত প্রায় ৭০ লিটাৰৰো অধিক চুলাই মদ, ১৩০টা বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাৰ কোৱার্টাৰ টল আৰু ৪ কার্টন য়েৰ জব্দ কৰা হয়৷ লগতে মহিলাসহ মুঠ তিনিজন বিক্রেতাক হাতে–লোটে ধৰা পেলাই আটক কৰা হয়৷ আনহাতে, অভিযানত ৬জন সুৰাপায়ীক ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত তেওঁলোকৰ পৰা জৰিমনা হিচাপে ১৩ হাজাৰ টকা সংগ্রহ কৰা হয়৷

You might also like