নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ অর্ধশতাধিক মছজিদ–মন্দিৰ গুৰুদ্বাৰ ছেনিটাইজ

নিয়মীয়া বাৰ্তা ৮ জুনঃ আজিৰ পৰা খোল খাব ৰাজ্যৰ লগতে মহানগৰীৰ ধর্মীয় স্থানসমূহ৷ ধর্মীয় স্থানসমূহ খোলাৰ প্রতি লক্ষ্য ৰাখি দেওবাৰে মহানগৰীৰ প্রায় অর্ধশতাধিক মন্দিৰ, মছজিদ, নামঘৰ ছেনিটাইজ কৰে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ, চমুকৈ আৰ এছ এছে৷ আৰ এছ এছৰ মহানগৰ শাখাৰ উদ্যোগত এই কার্যসূচী হাতত লোৱা হয়৷ য’ত স্বয়ংসেৱক সংঘৰ সদস্যসকলে গুৱাহাটী ক্লাব, নুনমাটি, বামুণীমৈদাম ৰে’লৱে কলনী, চানমাৰি, গীতানগৰ আদি স্থানৰ প্রায় ৫০টাৰো অধিক মন্দিৰ, মছজিদ, নামঘৰ, গুৰুদ্বাৰ ছেনিটাইজ কৰে৷ এই অভিযানত মহানগৰীৰ প্রায়বোৰ মন্দিৰ, নামঘৰ, সত্র ছেনিটাইজ কৰিব বুলি জানিবলৈ দিছে সদস্যসকলে৷ লক্ষণীয়ভাৱে সংঘই গুৱাহাটী ক্লাবৰ বুঢ়া মছজিদকে ধৰি বহু মছজিদ ছেনিটাইজ কৰি সম্প্রীতিৰ নিদর্শন দাঙি ধৰে৷ সংঘৰ এই পদক্ষেপক প্রশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ইছলাম ধর্মাৱলম্বী লোকসকলে৷ অনাগত কেইবাদিনো ধৰি সংঘৰ স্বয়ংসেৱকসকলে এই কার্যসূচী হাতত লৈ ছেনিটাইজ কৰিব বুলি জানিবলৈ দিয়ে আৰ এছ এছৰ মহানগৰ শাখাৰ প্রচাৰপ্রমুখ নৱ বুজৰবৰুৱাই৷ এই ধর্মীয় অনুষ্ঠানৰ ছেনিটাইজেচন অভিযানত সকলো নীতি–নিয়মৰ মাজেৰে সংঘৰ শতাধিক সদস্যই অংশগ্রহণ কৰিছে।

You might also like