কামাখ্যা–নিউ গুৱাহাটীত ২৪০ জুপুৰি উচ্ছেদ
নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত সঘনাই সংঘটিত হোৱা চুৰি–ডকাইতি আৰু নিচাজাতীয় সামগ্রীৰ অবৈধ বেহা ৰোধ কৰাৰ প্রতি লক্ষ্য ৰাখি উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ বিশেষকৈ মহানগৰীৰ কামাখ্যা, গুৱাহাটী ৰে’ল ষ্টেচন, বামুণীমৈদাম, নাৰেংগী আৰু নিউ গুৱাহাটী ষ্টেচনৰ সমীপত ৰে’লৱেৰ ভূমিত জুপুৰি সাজি অবৈধভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই কঠোৰ স্থিতি গ্রহণ কৰিছে৷ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বহিঃৰাজ্যৰ পৰা আহি ৰে’ল ষ্টেচনৰ দাঁতি কাষৰীয়া অঞ্চলত আশ্রয় লৈ একাংশ দাগী অপৰাধীয়ে মহানগৰীত নিতৌ এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এন এফ ৰে’লৱে কর্তৃপক্ষই এই অবৈধ জুপুৰিসমূহ উচ্ছেদ কৰি মহানগৰবাসীক সুৰক্ষা প্রদানত গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ অংশ হিচাপে শুকুৰবাৰে এন এফ ৰে’লৱে কর্তৃপক্ষই মহানগৰীৰ নিউ গুৱাহাটী ৰে’ল ষ্টেচনৰ সমীপত ৰে’লআলিৰ কাষৰ ৫৪টা অবৈধ জুপুৰি উচ্ছেদ কৰে৷
আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ জোৱানৰ সহযোগত ৰে’ল বিভাগে এনে অবৈধ জুপুৰি উচ্ছেদ কৰে যদিও অভিযানকাৰী দলটো উক্ত স্থানৰ পৰা আঁতৰি অহাৰ পিছতেই পুনৰ উচ্ছেদিত লোকসকলে ৰে’লআলিৰ দাঁতিত জুপুৰি সাজি লয়৷ অৱশ্যে জুপুৰিত বাস কৰা অধিকাংশ লোক হিন্দীভাষী তথা বহিঃৰাজ্যৰ পৰা অহা লোক৷ ইপিনে, কালি ৰে’ল আৰক্ষীয়ে অর্ধসামৰিক বাহিনীৰ জোৱানৰ সহযোগত কামাখ্যা ষ্টেচনৰ সমীপত ৰে’লৰ ভূমিত গঢ়ি উঠা ৯০টা অবৈধ জুপুৰি উচ্ছেদ কৰে৷ পুৱাৰ ভাগত ৰে’ল আৰক্ষীয়ে উচ্ছেদ কৰিবলৈ যোৱাত অঘৰী লোকসকলে বাধা প্রদান কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ জোৱানৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ আনহাতে, কামাখ্যা, গুৱাহাটী আৰু নিউ গুৱাহাটী ষ্টেচনত আজি পুনৰ অভিযান চলাই ৰে’ল বিভাগে প্রায় এশ জুপুৰি উচ্ছেদ কৰে৷ উল্লেখ্য যে ষ্টেচনৰ লগতে ৰে’লৱেৰ ভূমিত জুপুৰি সাজি বাস কৰা একাংশ লোকৰ সামগ্রী ৰেল আৰক্ষীয়ে জ্বলাই দিয়াৰ অভিযোগ কৰে যদিও এনএফ ৰেলৱে কর্তৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰে৷ মহানগৰীত বিভিন্ন সময়ত সংঘটিত হোৱা অপৰাধজনিত ঘটনাত জড়িত থকাৰ লগতে এই জুপুৰিসমূহত আশ্রয় লৈ বহু সৰবৰাহকাৰীয়ে বিভিন্ন প্রান্তলৈ নিষিদ্ধ ড্রাগ্ছ, গাঞ্জা আৰু নিচাজাতীয় টেবলেট আদি সৰবৰাহ কৰি অহাৰ অভিযোগ উঠিছে৷