নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত এতিয়া নির্বাচনমুখী পৰিৱেশঃ মহানগৰীৰ চুকে–কোণে নেতাৰ বেনাৰ–ফেষ্টুন–হর্ডিং

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ ফেব্রুৱাৰী মাহৰ তৃতীয় সপ্তাহ অথবা মার্চ মাহৰ প্রথম সপ্তাহৰ যিকোনো মুহূর্ততে অসম বিধানসভাৰ নির্বাচনৰ তাৰিখ ঘোষণা কৰিব নির্বাচন আয়োগে৷ সমাগত বিধানসভা নির্বাচনক লৈ ৰাজ্যজুৰি শাসকীয় বিজেপি, প্রধান বিৰোধী দল কংগ্রেছ, এআইইউডিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই ব্যাপক প্রচাৰ আৰম্ভ কৰিছে৷ আগন্তুক নির্বাচনক লৈ এটা পষেকৰ ভিতৰতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও অসমত দুখনকৈ বিশাল জনসভাত অংশগ্রহণ কৰিছে৷ ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো এতিয়া নির্বাচনমুখী পৰিৱেশ৷ গুৱাহাটীৰ প্রধান পথসমূহকে ধৰি মহানগৰীৰ চুকে–কোণে বিজেপি–কংগ্রেছকে ধৰি ৰাজনৈতিক দলৰ নেতাৰ বেনাৰ, ফেষ্টুন, হর্ডিঙেৰে ভৰি পৰিছে৷

গুৱাহাটীৰ চাৰিটা সমষ্টিত প্রার্থিত্বপ্রত্যাশীসক্ ব্যাপক প্রচাৰ অভিযান আৰম্ভ কৰি ৰাইজৰ দৃষ্টি আকর্ষণৰ চেষ্টা চলাইছে৷ বিশেষকৈ পূব গুৱাহাটী সমষ্টিত মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে চাইকেল ৰেলী, পদযাত্রা কৰি দৃষ্টি আকর্ষণৰ চেষ্টা চলোৱাৰ লগতে ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰি সমস্যাৰ বুজ লৈছে৷ কিছুদিন পূর্বে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই উলুবাৰীৰ পৰা খাৰঘুলিলৈ বিশাল চাইকেল ৰেলী উলিয়াই তিনি শতাধিক লোকক বিজেপিত যোগদান কৰি নিজৰ শক্তি প্রদর্শন কৰিছিল৷ মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়েও চাইকেল ৰেলী উলিওৱাৰ লগতে মহানগৰীখন স্বচ্ছ আৰু পৰিষ্কাৰ কৰাৰ বাবে ভানত উঠি মাইকযোগে মহানগৰবাসীক সজাগ কৰাৰ বাবে প্রচাৰ অভিযানেৰে ৰাইজৰ দৃষ্টি আকর্ষণৰ চেষ্টা চলাইছে৷ পূব গুৱাহাটী সমষ্টিৰ অন্তর্গত অঞ্চলসমূহত বেনাৰ আৰু পোষ্টাৰ লগাই ৰাইজৰ দৃষ্টি আকর্ষণৰ চেষ্টা চলাইছে কংগ্রেছ দলৰ প্রার্থিত্বপ্রত্যাশী ববিতা শর্মা, পংকজ বৰবৰা আৰু ৰঞ্জন বৰাই৷

দিছপুৰ সমষ্টিত বিজেপিৰ বিধায়ক অতুল বৰা, মৃগাংক বর্মন, জয়ন্ত দাসে চাইকেল ৰেলী, পদযাত্রা, বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰি সমষ্টিবাসীৰ সমস্যাৰ বুজ লোৱাৰ চেষ্টা চলাইছে৷ দিছপুৰ সমষ্টিৰ অন্তর্গত অঞ্চলসমূহত বিধায়ক অতুল বৰাই চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ লগতে বাট–পথৰ আধাৰশিলা স্থাপন কৰিছে৷ দিছপুৰ সমষ্টিৰ অন্তর্গত অঞ্চলসমূহত কংগ্রেছ দলৰ প্রার্থিত্বপ্রত্যাশী মানস বৰাই বেনাৰ, পোষ্টাৰ লগাই ৰাইজৰ দৃষ্টি আকর্ষণৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ পশ্চিম গুৱাহাটী সমষ্টিত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই বিধায়ক পুঁজিৰ ধনেৰে ৰাস্তা–ঘাটৰ আধাৰশিলা স্থাপন কৰি ৰাইজৰ কাষ চপাৰ চেষ্টা চলাইছে৷ বিধায়ক কলিতাই প্রতিদিনে সমষ্টিটোৰ অন্তর্গত অঞ্চলসমূহ পৰিভ্রমণ কৰাৰ লগতে অগপ দলত যোগদান কৰাই শক্তি প্রদর্শন কৰিছে৷ পশ্চিম গুৱাহাটী সমষ্টিত বিজেপিৰ প্রার্থিত্বপ্রত্যাশী মুকুতা ডেকা, দেৱান ধ্রুৱজ্যোতি মৰলকে ধৰি কেইবাগৰাকীও নেতাই নিজাববীয়াকৈ প্রচাৰ অভিযান চলাই ৰাইজৰ দৃষ্টি আকর্ষণৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷

কংগ্রেছ দলৰ প্রার্থিত্বপ্রত্যাশী জুৰি শর্মা বৰদলৈয়েও সমষ্টিটোত ব্যাপক প্রচাৰ অভিযান চলাইছে৷ সমাগত বিধানসভা নির্বাচনক লৈ প্রতিটো সমষ্টিৰ প্রার্থিত্বপ্রত্যাশীসক্ নাগৰিকৰ পদূলিয়ে পদূলিয়ে গৈ সমস্যাৰ বুজ লৈছে৷ ৰাজধানী চহৰ গুৱাহাটীৰ মূল পথসমূহৰ লগতে মহানগৰীখনৰ চুকে–কোণে ৰাজনৈতিক দলৰ প্রার্থিত্বপ্রত্যাশীসক্ দৃষ্টিকটুভাৱে বেনাৰ–পোষ্টাৰ লগাই মহানগৰীৰ সৌন্দর্য ম্লান কৰিছে বুলি সচেতন লোকসকলে মন্তব্য কৰিছে৷

You might also like