গুৱাহাটী প্রেছ ক্লাবত সাংবাদিক–সংবাদকৰ্মীলৈ ক’ৰোনা প্রতিষেধক
নিয়মীয়া বাৰ্তা ৬ মেঃ ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢ়ৌৱে সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো জটিল ৰূপ ধাৰণ কৰিছে৷ ক্রমাৎ ক’ভিড পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাত গুৱাহাটী প্রেছ ক্লাবে সাংবাদিক–সংবাদিকৰ ক’ভিড প্রতিষেধক প্রদানৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰিছে৷ নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি সংবাদসেৱাৰ লগত জড়িত থকা সাংবাদিক–সংবাদকর্ প্রতিষেধক প্রদানৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ–ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ সহযোগত গুৱাহাটী প্রেছ ক্লাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি বুধবাৰৰ পৰা সাংবাদিকক ক’ভিড ভেকচিন প্রদান কার্যসূচীৰ শুভাৰম্ভ কৰে৷
প্রথম পর্যায়ত প্রতিটো প্রতিষ্ঠানৰ দুগৰাকীকৈ সাংবাদিকক ভেকচিন প্রদান কৰা হয় যদিও আজিৰে পৰা এইক্ষেত্রত কিছু নতুন নির্দেশনা গ্রহণ কৰা হয়৷ সেই অনুসৰি আজি দিনৰ ১২ বজাৰ ভিতৰত প্রতিটো সংবাদ প্রতিষ্ঠানৰ লগত জড়িত সাংবাদিক আৰু সংবাদকর্মীসকলৰ তালিকা প্রস্তুত কৰি গুৱাহাটী প্রেছ ক্লাবত পৰিচালনা সমিতিৰ হাতত অর্পণ কৰিবলৈ আহ্বান জনাইছে গুৱাহাটী প্রেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ে৷ উল্লেখ্য যে উক্ত তালিকাখনত প্রতিটো প্রতিষ্ঠানৰ মুখ্য সম্পাদক অথবা মানৱ সম্পদ বিষয়াৰ স্বাক্ষৰ বাধ্যতামূলক৷
পৰৱর্তী পর্যায়ত এই তালিকাৰ ভিত্তিতে সাংবাদিকসকলক প্রতিষেধক প্রদান কৰা হ’ব৷ অৱশ্যে সংবাদ প্রতিষ্ঠানে প্রেৰণ কৰিবলগীয়া তালিকাখনত সংবাদকর্মীগৰাকীৰ নামৰ উপৰি পদবী, বয়স, লিংগ আৰু ফোন নম্বৰ সংলগ্ণ কৰিবলৈ প্রেছ ক্লাবৰ তৰফৰ পৰা আহ্বান জনাইছে৷ তদুপৰি প্রতিগৰাকী সাংবাদিক–সংবাদকর্ প্রতিষেধক লোৱাৰ পূর্বে আৰোগ্য সেতু এপত নাম পঞ্জীয়ন কৰিব লাগিব বুলি গুৱাহাটী প্রেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ে এক বিবৃতিযোগে জানিবলৈ দিছে৷