নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত স্বাস্থ্য শিবিৰ

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ ক’ভিড–১৯ত আক্রান্তৰ পিছত বিভিন্ন স্বাস্থ্য সম্পর্কীয় সমস্যাত ভোগা সাংবাদিক তথা সাংবাদিকৰ পৰিয়ালৰ বাবে অনুষ্ঠিত হ’ল এক বিশেষ স্বাস্থ্য শিবিৰ৷ গুৱাহাটী প্রেছ ক্লাবে আয়োজন কৰা এই প’ষ্ট–ক’ভিড স্বাস্থ্য শিবিৰত জিএমচিৰ মেডিচিন বিভাগৰ সহকাৰী অধ্যাপক ডাঃ আব্দুল বাৰিক আৰু চিকিৎসক দিগন্ত বুঢ়াগোহঁাই উপস্থিত থাকে৷ মহামাৰী ক’ৰোনাজয়ী শতাধিক সাংবাদিক তথা গুৱাহাটী প্রেছ ক্লাবৰ সদস্যই স্বাস্থ্য পৰীক্ষা কৰে এই শিবিৰত৷ প্রেছ ক্লাবৰ সদস্যসকলৰ বাবে ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব আন এক বিশেষ স্বাস্থ্য শিবিৰ৷ উক্ত স্বাস্থ্য শিবিৰত যকৃতৰ বিভিন্ন সমস্যাত ভোগা সাংবাদিকসকলৰ বাবে কৰা হ’ব ফাইব্রু স্কেনৰ ব্যৱস্থাও৷

You might also like