অসম চৰকাৰলৈ ধন্যবাদ গুৱাহাটী প্রেছ ক্লাবৰ
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত মন্ত্রীপৰিষদৰ বৈঠকত গুৱাহাটী প্রেছ ক্লাবক ৰূপনগৰত ২ বিঘা ভূমি আবণ্টন দিয়ে৷ গুৱাহাটী প্রেছ ক্লাবৰ স্থায়ী ভূমি চৰকাৰে আবণ্টন দিয়াত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষিকেশ গোস্বামীক গুৱাহাটী প্রেছ ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে৷ গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে প্রায় ৪৯ বছৰ গুৱাহাটী প্রেছ ক্লাবে আমবাৰীৰ প্রত্নতত্ত্ব বিভাগৰ ভূমিত অস্থায়ী কার্যালয়তে পাৰ কৰিছিল৷ চলিত বর্ষৰ মার্চ মাহত প্রেছ ক্লাবৰ নতুন কার্যনির্বাহক সমিতিয়ে দায়িত্ব গ্রহণ কৰিয়েই গুৱাহাটী প্রেছ ক্লাবৰ স্থায়ী ভূমি আবণ্টনৰ বাবে মুখ্যমন্ত্রী, বিত্তমন্ত্রী আৰু পৰিবহণ মন্ত্রীক সাক্ষাৎ কৰি স্মাৰক–প্রত্র প্রদান কৰিছিল৷ গুৱাহাটী প্রেছ ক্লাবৰ আহ্বানৰ প্রতি চৰকাৰে সঁহাৰি প্রদান কৰাত ৰাজ্যৰ সংবাদজগতত আনন্দৰ জোঁৱাৰ উঠিছে৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপক আপকুৰ কেন্দ্রীয় কমিটী, সদৌ অসম সংবাদকর্মী সন্থাৰ লগতে বিভিন্ন দল–সংগঠনৰ আদৰণি জনাইছে৷