নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰ আৰক্ষী ছাউনীত চোৰাং তেলৰ বেহা

অসাধু বিষয়াৰ পৃষ্ঠপোষকতাৰ অভিযোগঃ আৰক্ষী আয়ুক্তক তদন্তৰ দাবী

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ   ৰাজ্যৰ মন্ত্রী, বিধায়ক, আৰক্ষী বিষয়া, ভিআইপিৰ এছ্কট, পাইলট বাহন আৰু আৰক্ষীৰ অধিগৃহীত বাহন বা নিৰাপত্তাৰক্ষী কঢ়িওৱা বাহনসমূহৰ তেল যোগানৰ দায়িত্ব ন্যস্ত হৈ আছে গুৱাহাটী মহানগৰ আৰক্ষী ছাউনী চৌহদত থকা যান–বাহন শাখাত (এমটি’)৷ কিন্তু এই যান–বাহনৰ একাংশ চালকে নির্দিষ্ট তেল ডিপোৰ পৰা বাহনত ডিজেল ভৰোৱাৰ পিছত সেই ডিজেল বাহিৰত চোৰাংকৈ বিক্রী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ যোৱা ২১ আগষ্টত প্রাক্তন মন্ত্রী তথা অসম খাদী আৰু গ্রামোদ্যোগৰ অধ্যক্ষ ডাঃ কমলা কলিতাৰ এএছ–২৫ চিচি–৫৯৪৮ নম্বৰৰ অধিগৃহীত জীপখনৰ চালকে উত্তৰ গুৱাহাটীৰ সমীপৰ মান্দাকাটাত প্রায় ১,৬০০ লিটাৰ ডিজেল বিক্রী কৰোঁতে ধৰা পৰাৰ পিছত এই দুষ্কার্যৰ বিষয়টো পোহৰলৈ আহে৷ প্রাপ্ত তথ্য মতে, ছহিদুল ইছলাম নামৰ চালকজনে মান্দাকাটাত ৰিয়াজ আলী নামৰ এজন লোকৰ ঘৰত তেল বিক্রী কৰি থকা অৱস্থাত তাৰ স্থানীয় কেইবাজনো সাংবাদিকে ধৰা পেলাইছিল৷ কিন্তু তেল চোৰাংকৈ বিক্রীৰ বিষয়টোক মহানগৰ আৰক্ষীৰ এমটি’ শাখাই গুৰুত্ব নিদিয়াত সচেতন লোকসকলে অধিগৃহীত বাহনৰ চালকৰ চোৰাংকৈ তেল বিক্রীৰ ঘটনাৰ লগত এমটি’ শখাৰ কোনো বিষয়া–কর্মচাৰী জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে৷ যাৰ বাবে সমগ্র বিষয়টোৰ এক উচ্চ পর্যায়ৰ তদন্ত কৰি চোৰাং তেল বিক্রীৰ সৈতে জড়িতসকলক চিনাক্ত কৰাৰ বাবে মহানগৰ আৰক্ষী আয়ুক্তক তদন্তৰ দাবী জনাইছে৷

You might also like