গুৱাহাটীত যুৱকক হত্যা কৰি পেলাই থৈ গ’ল ঘৰৰ পদূলিত
নিয়মীয়া বাৰ্তা , ২৭ জুলাই: মহানগৰীৰ ফটাশিল আমবাৰীৰ চেগুনবাৰী–দিলীপ উজীৰ পথত শনিবাৰে বিয়লি এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়৷ কালি দিনৰ প্রায় ১.৩০ বজাত দিলীপ উজীৰ পথৰ বাসিন্দা ৰাতুল দাস (৪৫) নামৰ লোকজনক প্রতিৱেশী বিনোদ ৰাজবংশী (২৯) নামৰ লোকজনে সামান্য কথা এটাক লৈ হত্যা কৰি পেলাই থৈ যায়৷
ফটাশিল আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, ৰাতুল দাসৰ ঘৰৰ সন্মুখতে বিনোদ ৰাজবংশীয়ে এই দুষ্কার্য সংঘটিত কৰে৷ ৰাতুল দাসৰ ঘৰলৈ টনা বিদ্যুতৰ তাঁৰ বিনোদ ৰাজবংশীৰ ঘৰৰ ওপৰেৰে গৈছে৷ বিদ্যুতৰ তাঁৰ ঘৰৰ ওপৰেৰে টানি নিয়াক লৈ বিনোদ ৰাজবংশীয়ে আপত্তি কৰি আহিছিল আৰু ইয়াকে লৈ পূর্বে ৰাতুল দাসৰ লগত কাজিয়া হৈছিল৷ কালিও এই কথাটোক লৈ দুয়োৰে মাজত কাজিয়া হয় আৰু খঙৰ ভমকত বিনোদ ৰাজবংশীয়ে ৰাতুল দাসৰ ডিঙি চেপি ধৰি পাহাৰৰ পৰা গঁতা মাৰি পেলাই দিয়ে৷ ঘটনা সংঘটিত কৰি বিনোদে সেই স্থানৰ পৰা আঁতৰি যায়৷ পিছত পৰিয়ালৰ লোকে ৰাতুল দাসক হায়াট হাস্পতালত ভর্তি কৰায় যদিও বিয়লি প্রায় ৪.৩০ বজাত তেওঁৰ মৃত্যু হয়৷ এই ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰে৷
ঘটনা সংক্রান্তত ৰাতুল দাসৰ পৰিয়ালৰ লোকে ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰে৷ এই সংক্রান্তত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত ২২৬/২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি ফটাশিল আৰক্ষীয়ে আজি বিনোদ ৰাজবংশীক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে ৰাতুল দাস হায়াট হাস্পতালৰ এজন কর্মচাৰী আছিল৷