গুৱাহাটীৰ বজাৰত শাক–পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধি
নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ এফালে মহামাৰী ক’ৰোনাৰ ভয়াৱহ সংক্রমণত জনতাই ত্রাহি মধুসূদন সুঁৱৰিছে আৰু আনফালে অত্যাৱশ্যকীয় খাদ্যসামগ্রীৰ অত্যধিক মূল্যবৃদ্ধিত এতিয়া কোঙা সাধাৰণ জনতা৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে মহানগৰীতো ব্যাপক হাৰত মূল্যবৃদ্ধি হৈছে খাদ্যসামগ্রীৰ৷ যাৰ বাবে ঘৰৰ দৰকাৰী খাদ্যসামগ্রী ক্রয় কৰিবলৈ আহি এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ গ্রাহক৷ মাত্র এসপ্তাহৰ ভিতৰত হোৰাহোৰে বৃদ্ধি পাইছে প্রতিবিধ শাক–পাচলিৰ মূল্য৷ বিশেষকৈ হাফ চেঞ্চুৰীৰ দিশে আগবাঢ়িছে ৰঙা পিঁয়াজ৷
বর্তমান প্রতি কেজি পিঁয়াজৰ মূল্য মহানগৰীৰ বজাৰত হৈছেগৈ ৪০ৰ পৰা ৪৫ টকা পর্যন্ত৷ অর্থাৎ এসপ্তাহ পূর্বে ৩০ টকা দৰত বিক্রী হোৱা পিঁয়াজৰ প্রতি কিলোত মূল্যবৃদ্ধি হৈছে ১০ৰ পৰা ১৫ টকা৷ আনহাতে, প্রতিকেজি আলুতো হৈছে মূল্যবৃদ্ধি৷ কিছুদিন পূর্বে ৩০ টকা দৰত বিক্রী হোৱা আলুৰ মূল্য এতিয়া বজাৰত হৈছেগৈ ৪০ টকা৷ একেদৰে বিলাহী ৮০ টকা, কেঁচা জলকীয়া ২০০ টকা, বন্ধাকবি ৫০ৰ পৰা ৬০ টকা, নহৰু ২২০ টকা, ডাংবডী, ভোল ৪০ টকা, মূলা ৬০ টকা, আদা ১৬০ টকা, বেঙেনা ৫০ টকা, পটল ৬০ টকা, ভাতকেৰেলা ৬০ টকা, তিতাকেৰেলা ৮০ টকা, তিঁয়হ ৫০ৰ পৰা ৬০ টকা৷
মুঠতে এসপ্তাহৰ ভিতৰত প্রতিবিধ শাক–পাচলিতে হৈছে অস্বাভাৱিক মূল্যবৃদ্ধি৷ সমান্তৰালভাৱে ফলমূলৰ বজাৰতো দেখা গৈছে মূল্যবৃদ্ধিৰ প্রকোপ৷ আপেল ১২০ৰ পৰা ১৪০ টকা, মৌচুমী ৮০ৰ পৰা ১২০ টকা, নাচপতি ১৫০ টকা, আম ২২০ টকা, মালভোগ কলৰ ডজন ৬০ৰ পৰা ৮০ টকা, বেডেনা ১৪০ৰ পৰা ১৬০ টকা দৰত বিক্রী হৈছে বজাৰত৷ ইফালে শাক–পাচলি আৰু ফলমূলৰ মূল্যবৃদ্ধিৰ বিপৰীতে কাণসাৰ নাই যোগান বিভাগ তথা প্রশাসনৰ৷ সেয়ে,বজাৰ কৰিবলৈ আহিবহু চিন্তিত গ্রাহক৷ কাৰণ উপার্জন একেই আছে, দৰমহা, পেন্সন একেই আছে, কিন্তু অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য দিনকদিনে বৃদ্ধি পাইছে