গুৱাহাটী প্রেছ ক্লাবত সাংবাদিকক সাহায্য সামগ্রী বিতৰণ
নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ ‘নর্থ ইষ্ট ডায়ছিছান ছ’চিয়েল ছার্ভিচ ছ’চাইটী’ অর্থাৎ চমুকৈ ‘এন ই ডি এছ এছ এছ’ৰ উদ্যোগত আৰু ‘আছাম খ্রীষ্টিয়ান ফ’ৰাম’ৰ সহযোগত মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত সাংবাদিকৰ বাবে ১০০ পেকেট খাদ্যসামগ্রী আৰু সমানসংখ্যক ছেনিটাইজাৰ, হাত ধোৱা চাবোন, মাস্ক বিতৰণ কৰে ৷ গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, উপ–সভাপতি ধনীৰাম কলিতা, সাধাৰণ সম্পাদক সঞ্জয় ৰয়, ক্রীড়া সম্পাদক ধীৰাজ হাজৰিকাৰ উপস্থিতিত এন ই ডি এছ এছ এছৰ সঞ্চালক ফাদাৰ ভার্গছি ভেলিককাকামে এটা পেকেট প্রতীকীভাৱে গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয়ৰ হাতত তুলি দিয়ে ৷ অনুষ্ঠানত ফাদাৰ ভার্গছিৰ উপৰি ছিষ্টাৰ জলী (সমন্বয়ক), চি এ এছ এ–নর্থ ইষ্ট ইণ্ডিয়াৰ আঞ্চলিক কমিউনিকেচন আৰু ডকুমেণ্টচন বিষয়া ফুংগৰেইছ ভাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ ১২ নম্বৰ ৱার্ডৰ ৱার্ড মেম্বাৰ নবীন বৰা উপস্থিত আছিল ৷ উল্লেখ্য চি এ এছ এ অর্থাৎ ‘খ্রীষ্টিয়ান অক্সিলিয়েৰী ফৰ ছ’চিয়েল একচন’–এ এই সামগ্রীৰ পুঁজি যোগান ধৰিছে ৷ অনুষ্ঠানত ফাদাৰ ভার্গছিয়ে জনায় যে ইতিপূর্বে তেওঁলোকে বৃহত্তৰ খাৰঘুলি অঞ্চলৰ ১,৫০০টা পৰিয়ালক প্রথম পর্যায়ত সাহায্য প্রদান কৰে ৷ দ্বিতীয় পর্যায়ত এন ই ডি এছ এছ এছে এই পর্যন্ত ৯০০ৰো অধিক পেকেট খাদ্য আৰু ক’ৰোনা প্রতিৰোধৰ সামগ্রী যোগান ধৰিছে ৷