হাতীগাঁও আৰক্ষীৰ জালত মুছলিম জাতীয় পৰিষদৰ সভাপতি
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ হাতীগাঁও আৰক্ষীয়ে কালি নিশা অভিযান চলাই এইচ আৰ–১৮এফ–০০৩৬ নম্বৰৰ নথিপত্রবিহীন এখন বাহন জব্দ কৰে৷ আৰক্ষীয়ে বাহনখনৰ সৈতে মতিউৰ ৰহমান নামৰ এজন যুৱককো গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জব্দকৃত বাহনখনৰ এগৰাকী যুৱতীক ধর্ষণ কৰাৰ গোচৰ ৰুজু হৈ আছিল হোজাই থানাত৷ ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/৪৬৮/৩৭৬ (বি)/৫০৬ ধাৰাৰ অধীনত হোজাই থানাত ৬৮৫/২১ নম্বৰৰ গোচৰ ৰুজু হৈ আছে৷ উক্ত গোচৰটোৰ ভিত্তিতেই হোজাই আৰক্ষীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে এই বাহনখন জব্দ কৰে৷ হাতীগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে, ধৃত যুৱকজনে নিজকে এটা নিউজ প’র্টেলৰ সাংবাদিক পৰিচয় দিয়াৰ লগতে মুছলিম জাতীয় পৰিষদৰ সভাপতি হিচাপেও পৰিচয় দি অপৰাধ সংঘটিত কৰা বাহনখন চলাই আছিল৷