নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত গেষ্ট্র’–লিভাৰ পৰীক্ষা শিবিৰ

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ গুৱাহাটীত কর্মৰত সাংবাদিকসকলৰ মাজত এটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়৷ হায়াট হাস্পতালৰ সহযোগত আৰু গুৱাহাটী প্রেছ ক্লাবৰ উদ্যোগত আয়োজিত এই গেষ্ট্র’ আৰু লিভাৰ পৰীক্ষা শিবিৰত প্রায় ১০০গৰাকী সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ এই স্বাস্থ্য পৰীক্ষা শিবিৰত অত্যাধুনিক ফাইব্র’ স্কেন মেচিনেৰে লিভাৰৰ পৰীক্ষা কৰা হয়৷

শিবিৰত সাংবাদিকসকলৰ ব্লাড প্রেচাৰ, ছুগাৰ পৰীক্ষা কৰাৰ লগতে ডায়েটিচিয়ানে সাংবাদিকসকলক পৰামর্শ আগবঢ়ায়৷ এই শিবিৰত জ্যেষ্ঠ গেষ্ট্র’–এণ্ড্র’লজিষ্ট ডাঃ চবৰুদ্দিন আহমেদে সাংবাদিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে লিভাৰ সম্পর্কীয় ৰোগৰ পৰা কেনেদৰে বাচি থাকিব পাৰি সেই সর্ন্দভত পৰামর্শ প্রদান কৰে৷ এই শিবিৰত হায়াট হাস্পতালৰ কার্যবাহী সঞ্চালক আয়সকান্ত চক্রৱর্তী, পৰিচালক স্বজল কুমাৰ শর্মা, গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, সম্পাদক সঞ্জয় ৰয়ৰ লগতে হায়াট হাস্পতালৰ কেইবাগৰাকীও চিকিৎসক আৰু চিকিৎসা কর্মী উপস্থিত থাকে৷

You might also like